ৰহস্যজনক! ভাড়া মাৰিবলৈ গৈ গাড়ীসহ সন্ধানহীন এগৰাকী যুৱক, পৰিয়ালত হাহাকাৰ…

এক ৰহস্যজনক ঘটনা।

ভাড়া মাৰিবলৈ গৈ ধেমাজিত গাড়ীসহ সন্ধানহীন এগৰাকী যুৱক।

জানিব পৰা মতে, গাড়ী ভাড়া মাৰি জীৱিকা নিৰ্বাহ কৰা কেকুৰী আহোম গাঁৱৰ বিপুল বুঢ়াগোহাঁই নামৰ লোকজন ২৩ নৱেম্বৰৰ পৰা গাড়ীসহ সন্ধানহীন হৈ আছে।

তেওঁ ব্যৱহাৰ কৰা গাড়ীখন ‘বগা ৰঙৰ এন্ট’ AS 22H 2356।

বুঢ়াগোহাঁয়ে সেইদিনা সন্ধিয়া ৭.৩০ মান বজাত বজাৰ কৰি ঘৰলৈ গৈ আছোঁ বুলি তেওঁৰ পত্নীক খবৰ দিয়ে যদিও ৰাতি ১১.৩০ বজালৈকে ঘৰলৈ নোপোৱাত পত্নীয়ে পুনৰ ফোন কৰাত কিবা অসুবিধা হোৱা বুলি কয় আৰু তেতিয়াৰে পৰা ম’বাইলটো বন্ধ হৈ পৰে।

লোকজনৰ সন্ধানত ধেমাজিৰ আৰক্ষীৰ লগতে পৰিয়ালৰ লোকে অভিযান অব্যাহত ৰাখিছে যদিও কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই।

উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত সঘনাই গাড়ী চুৰি কাণ্ড সংঘটিত হৈ থকাৰ সময়তে ধেমাজিত গাড়ীসহ এজন লোক সন্ধানহীন হোৱা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।