শোকাবহ! আদালতৰ পৰা উভতি অহাৰ পথতে দুৰ্ঘটনাৰ পতিত হৈ মৃত্যু জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতিসহ দুজনৰ

নিউজ ডেস্কঃ এক ভংয়কৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি লৈ গ’ল এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক আৰু এগৰাকী অৱসৰপ্ৰাপ্ত মণ্ডলৰ।

এই শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয় গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত।

জানিব পৰা মতে, ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত বাসন্তীপুৰ গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক বিমল ৰায় (৬৭) আৰু হৰিপুৰ গাঁৱৰ অৱসৰপ্ৰাপ্ত মণ্ডল উপেন্দ্ৰ নাথ ৰায়ে (৬৮) বূুধবাৰে বিয়লি গোঁসাইগাঁৱৰ পৰা নিজ গৃহলৈ এএছ ১৬জি ৫০৪০ নম্বৰৰ বাইকেৰে আহি থকা সময়তে বিপৰীত দিশৰ পৰা অহা আৰজে ০২ জিবি ৬০৮৪ নম্বৰৰ এখন ট্ৰাকে খুন্দা মাৰে।

photo1657171597
শোকাবহ! আদালতৰ পৰা উভতি অহাৰ পথতে দুৰ্ঘটনাৰ পতিত হৈ মৃত্যু জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতিসহ দুজনৰ 4

দুৰ্ঘটনাটোত বিমল ৰায়ৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে আনগৰাকীক হাস্পতাললৈ নি থকাৰ পথতে মৃত্যু ঘটে। এই শোকাবহ দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

উল্লেখ্য যে, দুৰ্ঘটনাত নিহত অৱসৰপ্ৰাপ্ত শিক্ষক বিময় ৰায় গোসাঁইগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি আছিল।

photo1657171941
শোকাবহ! আদালতৰ পৰা উভতি অহাৰ পথতে দুৰ্ঘটনাৰ পতিত হৈ মৃত্যু জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতিসহ দুজনৰ 5

ৰে’ল অৱৰোধৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা বাবে প্ৰশাসনে বিমল ৰায়ৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰৰ বাবে গোসাঁইগাঁও কোৰ্টত উপস্থিত হৈ উভতি অহাৰ বাটত পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যুবৰণ কৰে বিমল ৰায়ে।

লগতে চাওকঃ

ভয়ংকৰ দুৰ্ঘটনা! প্ৰতিমা বিসৰ্জনৰ বাবে যােৱাৰ পথত দুৰ্ঘটনাত পতিত মিনি ট্ৰাক…

G8
শোকাবহ! আদালতৰ পৰা উভতি অহাৰ পথতে দুৰ্ঘটনাৰ পতিত হৈ মৃত্যু জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতিসহ দুজনৰ 6