ৰাষ্ট্ৰীয়

আজি ভাৰতীয় সেনা দিৱস…

আজি ভাৰতীয় সেনা দিৱস।

শনিবাৰে ভাৰতীয় সেনাই ৭৪তম সেনা দিৱস পালন কৰে।

প্ৰতিবছৰে ১৫ জানুৱাৰী তাৰিখে এই দিৱস পালন কৰা হয় সমগ্ৰ দেশত।

প্ৰতিবছৰৰ দৰে এইবছৰো দিল্লীত পালন কৰা হৈছে ভাৰতীয় সেনা দিৱসটি।

পুৱাৰে পৰা ভাৰতীয় সেনাৰ জোৱানসকলে পেৰেডৰ লগতে যুদ্ধ সামগ্ৰী প্ৰদৰ্শনীও অনুষ্ঠিত গৈছে।

এই দিৱসতে দেশমাতৃৰ বাবে প্ৰাণ বলিদান দিয়া শ্বহীদসকলক স্মৰণ কৰা লগতে কেইবাগৰাকীও সেনা বিষয়া-জোৱানক সন্মানিতও কৰা হয়।

ভাৰতীয় সেনা দিৱসৰ সৈতে সংগতি ৰাখি পুৱাই দেশৰ প্ৰধানমন্ত্ৰীয়ে দেশমাতৃৰ সুৰক্ষাত নিয়োজিত সৈনিকসকলক অভিনন্দনৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সেনা দিৱস উপলক্ষে ভাৰতীয় সেনাক শুভেচ্ছা জ্ঞাপন কৰি কয় যে, সাহসী সৈনিক, সন্মানীয় প্ৰাক্তন সৈনিক আৰু তেওঁলোকৰ পৰিয়ালক সেনা দিৱসৰ শুভেচ্ছা জনাইছো। ভাৰতীয় সেনা তেওঁলোকৰ সাহসিকতা আৰু পেছাদাৰীতাৰ বাবে জনাজাত। ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতীয় সেনাৰ অমূল্য অৱদান আমাৰ শব্দই ন্যায় কৰিব নোৱাৰে।

আনহাতে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ভাৰতীয় সেনাক শুভেচ্ছা জ্ঞাপন কৰি কয় যে, সেনা জোৱান আৰু প্ৰাক্তন সৈনিকসকলক সেনা দিৱসৰ শুভেচ্ছা জনাইছো। ৰাষ্ট্ৰীয় সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত ভাৰতীয় সেনা গুৰুত্বপূৰ্ণ হৈ আছে। আমাৰ সৈনিকসকলে সীমান্ত সুৰক্ষিত কৰা আৰু শান্তি বজাই ৰখাৰ ক্ষেত্ৰত পেছাদাৰীতা, ত্যাগ আৰু বীৰত্ব প্ৰদৰ্শন কৰিছে। আপোনালোকৰ সেৱাৰ বাবে ৰাষ্ট্ৰ কৃতজ্ঞ। জয় হিন্দ।

Leave a Reply

Your email address will not be published. Required fields are marked *