অসম

ৰাজ্যপাল জগদীশ মুখীৰ পত্নী প্ৰিয়ম মুখী ক’ভিড প’জিটিভ…

ৰাজ্যৰ ৰাজ্যপাল জগদীশ মুখীৰ পত্নী প্ৰিয়ম মুখী ক’ভিড প’জিটিভ।

বৃহস্পতিবাৰে ৰাজ্যপাল জগদীশ মুখীৰ দেহতো ধৰা পৰিছিল ক’ভিডৰ উপস্থিতি।

বৰ্তমান এপ’ল হাস্পাতালত চিকিৎসাধীন হৈ আছে ৰাজ্যপাল প্ৰফেচৰ জগদীশ মুখী।

শনিবাৰে পুৱা পত্নী প্ৰিয়ম মুখীও ক’ভিডত আক্ৰান্ত হয়।

ৰাজ্যপালৰ পত্নীকো ভৰ্তি কৰোৱা হ’ব এপলত চিকিৎসলয়ত।

চিকিৎসালয়ৰ সূত্ৰমতে দুয়োৰে স্বাস্থ্যৰ অৱস্থা সুস্থিৰ যদিও অহা ৩ দিন তেওঁলোক চিকিৎসালয়খনতে থাকিব লাগিব।

উল্লেখ্য যে পূৰ্বেৰ পৰা বিভিন্ন ৰোগত আক্ৰান্ত ৰাজ্যপালগৰাকী বিগত বছৰত দুবাৰকৈ ৰাজ্যৰ বাহিৰত চিকিৎসাধীন হৈছিল।

যোৱা বৃহস্পতিবাৰে উৰুকাৰ দিনটোতে ৰাজ্যপাল ক’ভিড পজিটিভ হিচাপে চিনাক্ত হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *