অসম

বিহুৰ বতৰত মুখ্যমন্ত্ৰীৰ বাসগৃহত উপস্থিত তিনি বিশেষ অতিথি, মুখ্যমন্ত্ৰী পত্নীয়ে নিজ হাতে কৰিলে আপ্যায়ন…

বিহুৰ বতৰত তিনিগৰাকী বিশেষ অতিথি উপস্থিত হল মুখ্যমন্ত্ৰীৰ বাসগৃহত, পত্নী ৰিণিকি শৰ্মাই নিজ হাতে পৰিৱেশন কৰালে বিহুৰ জলপান

ভোগালীৰ আনন্দ উৎসৱ পালন কৰি নিজ বাসগৃহত অতিথি আপ্যায়নত ব্যস্ত হৈ পৰিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পত্নী ৰিণিকি ভূঞা শৰ্মা।

FJH8-Z57ac-AEu7o1

বিহুৰ দোমাহিৰ দিনা বাসগৃহত উপস্থিত হোৱা তিনিগৰাকী বিশেষ অতিথিক বিহুৰ পিঠা-পনাৰে নিজ হাতে আপ্যায়ন কৰে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই। পিছত এই আপ্যায়নৰ ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

দোমাহিৰ দিনা মুখ্যমন্ত্ৰীৰ বাসগৃহত উপস্থিত হয় ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি বৈজয়ন্ত জয় পাণ্ডা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা।

FJH8-ZR5a-MAAT73-N

উল্লেখ্য যে, বিহুৰ সময়ত মিতিৰ-কুটুম্ব, বন্ধু-বান্ধৱক ঘৰলৈ নিমন্ত্ৰণ জনোৱাটো অসমীয়া সমাজ ব্যৱস্থাত পৰম্পৰাগতভাৱে চলি আহিছে।

মুখ্যমন্ত্ৰী শৰ্মা আৰু তেওঁৰ পৰিয়ালেও এই পৰম্পৰা ৰক্ষা কৰি বিহুৰ সময়ত তিনিগৰাকী বিশেষ অতিথিক ঘৰলৈ নিমন্ত্ৰণ জনাই আপ্যায়ন কৰা দেখা যায়।

লগতে চাওকঃ

উৰুকাৰ নিশা দুৰ্ঘটনা শূন্য হৈ ৰ’ল মহানগৰী, সুৰাপায়ী চালকৰ বিৰুদ্ধে ৰুজু হ’ল ৪৮ টা গোচৰ…

Leave a Reply

Your email address will not be published. Required fields are marked *