আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন, প্ৰধানমন্ত্ৰী মোডীয়ে জানালে ওপজা দিনৰ ওলগ…

আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপজা দিন।

৫৩ বছৰত ভৰি দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ এইটো প্ৰথমটো জন্মদিন।

মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন উপলক্ষে ৰাজ্যত বিভিন্ন প্ৰান্তত মুখ্যমন্ত্ৰীৰ জন্মদিন পালনৰ আয়োজন কৰা হৈছে।

নিজ সমষ্টি জালুকবাৰীত তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন।

ইফালে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপজা দিনত শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

টুইটাৰযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ওপজা দিনৰ ওলগ জনালে প্ৰধানমন্ত্ৰী মোদীয়ে।

প্ৰধানমন্ত্ৰী মোদীৰ লগতে আন বহু ৰাষ্ট্ৰীয় নেতাৰ উপৰি বহুকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েও হিমন্ত বিশ্ব শৰ্মালৈ জনাছে জন্মদিনৰ শুভকামনা।

Leave a Comment