ৰাষ্ট্ৰীয়

শুক্ৰবাৰে দিল্লীত ৰাষ্ট্ৰীয় মৰ্যদাৰে শেষকৃত্য সম্পন্ন হ’ব জেনেৰেল বিপিন ৰাৱাট আৰু পত্নী মধুলিকা ৰাৱাটৰ

শুক্ৰবাৰে দিল্লীত ৰাষ্ট্ৰীয় মৰ্যদাৰে শেষকৃত্য সম্পন্ন হ’ব জেনেৰেল বিপিন ৰাৱাট আৰু পত্নী মধুলিকা ৰাৱাটৰ।

বুধবাৰে তামিলনাডুত সংঘটিত হোৱা এক শোকাৱহ হেলিকপ্তাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল দেশৰ প্ৰথমগৰাকী চীফ অফ ডিফেন্স ষ্টাফ বিপিন ৰাৱাট আৰু তেওঁৰ পত্নী মধুলিকা ৰাৱাটে।

সম্পুৰ্ণ ৰাষ্ট্ৰীয় মৰ্যদাৰে দেশৰ বীৰ সন্তান গৰাকীক অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ’ব।

FGFy-Xn-HVg-AQOvb3

বৃহস্পতিবাৰে এখন বিশেষ সেনা বাহিনীৰ বিমানেৰে চিডিএছ বিপিন ৰাৱাট আৰু পত্নী মধুলিকা ৰাৱাটৰ নশ্বৰ দেহ দিল্লীলৈ অনা হ’ব।

ইপিনে, জেনেৰেলগৰাকীৰ মৃতদেহ শুকুৰবাৰে তেওঁৰ বাসগৃহলৈ লৈ যোৱা হ’ব আৰু পুৱা ১১ বজাৰ পৰা দুপৰীয়া ২ বজালৈ শুভাকাংক্ষীসকলে অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিব। 

ইয়াৰ পিছতে কমৰাজ মাৰ্গৰ পৰা  পৰা দিল্লীৰ ব্ৰাৰ স্কোৱেৰ সমাধিক্ষেত্ৰলৈ হ’ব অন্তিম যাত্ৰা।

ইফালে, তামিলনাডুত হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা CDS জেনেৰেল বিপিন ৰাৱট, তেওঁৰ পত্নী মধুলিকা ৰাৱাট আৰু আন ১১গৰাকী আৰোহীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি উত্তৰাখণ্ডত ৩ দিনীয়া ৰাজ্যিক শোক পালন কৰা হ’ব।

লগতে চাওকঃ

হেলিকপ্টাৰ দুৰ্ঘটনাত নিহতৰ মৃতদেহ কঢ়িয়াই নিয়া এম্বুলেন্স দুৰ্ঘটনাগ্ৰস্ত…

Leave a Reply

Your email address will not be published. Required fields are marked *