ৰাষ্ট্ৰীয়

৩ বছৰত সংবাদ মাধ্যমত বিজ্ঞাপনৰ নামত ১৭০০ কোটি টকা ব্যয় কেন্দ্ৰীয় চৰকাৰৰ…

৩ বছৰত সংবাদ মাধ্যমত বিজ্ঞাপনৰ নামত ১৭০০ কোটি টকা ব্যয় কেন্দ্ৰীয় চৰকাৰৰ।

এই সন্দৰ্ভত সদনৰ মজিয়াত তথ্য দাঙি ধৰে অনুৰাগ ঠাকুৰে।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ বিভাগীয় মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে চৰকাৰৰ হৈ সদনৰ মজিয়াত এই তথ্য দাঙি ধৰে।

চৰকাৰে বিগত তিনিবছৰত ছপা আৰু ইলেক্ট্ৰনিক মাধ্যমৰ বিজ্ঞাপনৰ নামত এই ধন ব্যায় কৰা বুলি অনুৰাগ ঠাকুৰে কয়।

তেওঁ কয়-‘চৰকাৰী আঁচনি আৰু নীতি সমূহৰ বিষয়ে হিতাধিকাৰী সকলৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যৰেই চৰকাৰে এই ধন বিজ্ঞাপনৰ নামত খৰছ কৰে।’

উল্লেখযোগ্য যে, নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত কেন্দ্ৰীয় চৰকাৰে বিজ্ঞাপনৰ নামত অধিক ধন ব্যায় কৰি অহা বুলি কংগ্ৰেছকে ধৰি বিভিন্ন ৰাজনৈতিক দলে অভিযোগ উত্থাপন কৰি আহিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *