ৰাষ্ট্ৰীয়

হেলিকপ্টাৰ দুৰ্ঘটনাত নিহতৰ মৃতদেহ কঢ়িয়াই নিয়া এম্বুলেন্স দুৰ্ঘটনাগ্ৰস্ত…

বুধবাৰে তামিলনাডুৰ কুন্নুৰত দুৰ্ঘটনাত পতিত CDS বিপিন ৰাৱাটসহ ১২ জনৰ মৃতদেহ কঢ়িয়াই নিয়া এখন এম্বুলেন্স দুৰ্ঘটনাগ্ৰস্ত।

বিপিন ৰাৱাট, তেওঁৰ পত্নী আৰু অন্য ১১ গৰাকী বিষয়াৰ মৃতদেহ লৈ যোৱা বাহন সমূহৰ ভিতৰত এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হয়।

কইম্বাটোৰৰ মেট্টাপলয়মৰ ওচৰত এই দুৰ্ঘটনা সংঘটিত হয়।

এই দুৰ্ঘটনাত এগৰাকী আৰক্ষী আহত হোৱা বুলি জানিব পৰা গৈছে।

এই দুৰ্ঘটনাৰ পিছতেই মৃতদেহ অন্য এখন এম্বুলেঞ্চৰ জৰিয়তে লৈ যোৱা হয়।

উল্লেখ্য যে, বুধবাৰে তামিলনাডুত নীলগিৰিত সংঘটিত হোৱা ভয়াৱহ হেলিকপ্তাৰ দুৰ্ঘটনাত দেশৰ চীফ অফ ডিফেন্স ষ্টাফ বিপিন ৰাৱাট আৰু তেওঁৰ পত্নী মধুলিকা ৰাৱাটৰ মৃত্যু হয়।

লগতে অন্য ১১ গৰাকী জোৱানো ছহীদ হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *