আজি এছিয়া কাপ ক্ৰিকেটত পুনৰ মুখামুখি হ’ব চিৰবৈৰী ভাৰত-পাকিস্তান…

আজি এছিয়া কাপ ক্ৰিকেটত পুনৰ মুখামুখি হ’ব চিৰবৈৰী ভাৰত-পাকিস্তান।

ইতিমধ্যে দুয়োটা দলে স্থান পাইছে SUPER-4ত।

অৱশ্যে আঘাতৰ বাবে এইখন মেচৰ পৰা বাদ পৰিল ভাৰতীয় দলৰ ৰবীন্দ্ৰ জাডেজা।

পাকিস্তানৰ বিৰুদ্ধে আজি জাডেজাৰ স্থানত খেলিব অক্ষৰ পেটেলে।

প্ৰথম দুখন মেচত জয়ী হৈ তুংগত টীম ইণ্ডিয়াৰ আত্মবিশ্বাস।

ৰোহিত শৰ্মাৰ নেতৃত্বত প্ৰথমখন মেচত ৫ উইকেটত পৰাস্ত কৰিছিল পাকিস্তানক।

আজি অনুষ্ঠিত হ’বলগীয়া খেলখন ভাৰতীয় সময় মতে সন্ধিয়া ৭:৩০ বজাত আৰম্ভ হ’ব আৰু টছ ভাৰতীয় সময় মতে সন্ধিয়া ৭:০০ বজাত অনুষ্ঠিত হ’ব।

শনিবাৰৰ পৰাই আৰম্ভ হৈছে চলিত এছিয়া কাপৰ SUPER-4ৰ খেলসমূহ।