অসমবাসীলৈ ভাল খবৰ! অস্কাৰলৈ যোগ্যতা অৰ্জন মহৰ্ষি তুহিন কাশ্যপৰ চুটি ছবি ‘মোৰ ঘোঁৰাৰ দূৰন্ত গতি’

অসমৰ সাংস্কৃিত জগতখনলৈ আহিছে এক ভাল খবৰ।

অস্কাৰত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ যোগ্যতা অৰ্জন অসম সন্তান মহৰ্ষি তুহিন কাশ্যপৰ চুটি ছবি ‘মোৰ ঘোঁৰাৰ দূৰন্ত গতি'(The Horse from Heaven)।

অলপতে হৈ যোৱা বাঙ্গালুৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ভাৰতীয় প্রতিযোগিতাত শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰাৰ লগে লগে ই অস্কাৰত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ যোগ্যতা অর্জন কৰে।

উল্লেখযোগ্য যে, যিকোনো চুটি ছবি অস্কাৰৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ প্ৰথমে একাডেমীয়ে নিজে বাছনি কৰা চলচ্চিত্ৰ মহোৎসৱৰ শ্রেষ্ঠ ছবি ৰূপে পৰিগণিত হোৱাটো বাধ্যতামূলক।

image 26
অসমবাসীলৈ ভাল খবৰ! অস্কাৰলৈ যোগ্যতা অৰ্জন মহৰ্ষি তুহিন কাশ্যপৰ চুটি ছবি 'মোৰ ঘোঁৰাৰ দূৰন্ত গতি' 2

মহৰ্ষি তুহিন কাশ্যপৰ ছবিখনেই হৈছে প্ৰথম অসমীয়া চুটি ছবি যিয়ে অস্কাৰৰ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ লাভ কৰিছে।

এজন ওজাপালি কৰি ফুৰা পালিৰ জীৱনক লৈ নিৰ্মাণ কৰা হৈছে এই ছবিখন। য’ত পালি গৰাকীয়ে নিজৰ ঘোঁৰাটোক পৃথিৱীৰ সৰ্বত্ৰ বেগী ঘোঁৰা বুলি ভাবি ঘোঁৰা দৌৰ প্ৰতিযোগিতাত দৌৰাবলৈ চহৰলৈ লৈ যায়। কিন্তু তেওঁৰ ঘোঁৰাটো প্ৰকৃততে ঘোঁৰা নহয়। এটা গাধহে!

জনপ্ৰিয় অভিনেতা অতুল পাচনিয়ে মুখ্য চৰিত্ৰত অভিনয় কৰা মোৰ ঘোঁৰাৰ দুৰন্ত গতিত।

ছবিখনৰ আন আন চৰিত্ৰত অভিনয় কৰিছে স্নেহাংকৰ চক্ৰৱৰ্তী, অভিজিত নাগ, গৌৰৱ হালৈ, আশীষ চেটাৰ্জী, সনাতন কৰ্মকাৰ আদিয়ে।

ইতিমধ্যে কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, হিমালয়ান চলচ্চিত্ৰ মহোৎসৱকে ধৰি আন কেইবাখনো চলচ্চিত্ৰ মহোৎসৱত ছবিখন প্ৰদৰ্শিত হৈ কেইবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

মেক্সিকোত থকা চিনেতেকা ৰাষ্ট্ৰীয় সংগ্ৰহালয়ত এই ছবিখনৰ এক বিশেষ দৰ্শনী অনুষ্ঠিত হৈছিল বুলিও জানিব পৰা গৈছে।