মই পুনৰ ভ্ৰাম্যমাণ থিয়েটাৰলৈ আহিম, কোন থিয়েটাৰত যাওঁ, সেয়া পাছত জনামঃ যতীন বৰা…

পুনৰ ভ্ৰাম্যমাণ জগতত ভূমুকি মাৰিব অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাই।

শনিবাৰে নলবাৰীত বৰদৈচিলা থিয়েটাৰৰ নাট্যৰম্ভ মুকলি কৰি এই কথা সদৰি কৰে জনপ্ৰিয় অভিনেতা যতীন বৰাই।

তেওঁ কয় যে ‘মই ভ্ৰাম্যমাণ থিয়েটাৰত আহিম, কোন থিয়েটাৰত আহিম সেইটো লাহে লাহে জনাম।

তেওঁ কয়- ‘বৰ্তমান মই ‘ৰাঘৱ’ চিনেমাখনক লৈ ব্যস্ত হৈ আছো। অক্টোবৰৰ পৰা চিনেমাখনৰ শ্বুটিং আৰম্ভ কৰা হ’ব। জুবিন গাৰ্গৰ সৈতে সংগীতৰ বিষয়ে কথা পাতি আছো।’

অসমত ভ্ৰাম্যমাণৰ ভাল দিন ওভতি অহা বুলি প্ৰকাশ কৰি যতীন বৰাই কয় যে, ‘এতিয়া দৰ্শকে হিলদল ভাঙি নাটক চাবলৈ আহিছে। এইটো শুভ লক্ষণ।’

ভ্ৰাম্যমাণ থিয়েটাৰৰ পুনৰ আৰম্ভণিৰ এই শুভক্ষণত অভিনেতা-অভিনেত্ৰী, পৰিচালক-প্ৰযোজকৰ উৎসাহ দেখি ভাল লাগিছে বুলিও মন্তব্য কৰে জনপ্ৰিয় অভিনেতাজনে।