
অসমৰ পৰা বহিঃৰাজ্যলৈ নিয়া বৃহৎ পৰিমাণৰ চেগুন কাঠ -ফাৰ্নিচাৰ জব্দ পশ্চিম বংগ বন বিভাগৰ
নিউজ ডেস্ক। অসমৰ পৰা বহিঃৰাজ্যলৈ অব্যাহত আছে আপুৰুগীয়া বনজ সম্পদৰ চােৰাং সৰবৰাহ।
এইবাৰ পশ্চিম বংগৰ বন বিভাগে জব্দ কৰিলে অসমৰ মাজেৰে বহিঃৰাজ্যলৈ নিয়া চােৰাং কাঠ, ফাৰ্নিচাৰ কঢ়িওৱা দুখনকৈ ট্ৰাক।

জানিব পৰা মতে, ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলাই জলপাইগুড়ি জিলাৰ বেলাকােবা বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মীয়ে পৃথকে-পৃথকে চলােৱা দুটা অভিযানত দুখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়।

ইয়াৰে এখন ট্ৰাকত লক্ষাধিক টকাৰ চেগুন কাঠ জব্দ কৰাৰ উপৰি আন এখন ট্ৰাকত নাগালেণ্ডৰ পৰা কেৰালালৈ নিয়াৰ পথত ফাৰ্নিচাৰ জব্দ কৰে।
পাছত উক্ত সামগ্ৰীখিনি নিজৰ জিম্মাত লৈ এই সন্দৰ্ভত গােচৰ ৰুজু কৰে বন বিভাগে।





