অসমীয়াঅসম

আকৌ ঘোচকাণ্ড! ১৮ হাজাৰ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ লাট মণ্ডল হৰি দাস সিনহা…

ঘোচ লৈ ৰাজ্যত পুনৰ গ্ৰেপ্তাৰ চৰকাৰী কৰ্মচাৰী।

এইবাৰ দৰং জিলাৰ পাথৰিঘাট চক্ৰ বিষয়াৰ কাৰ্যালয়ত চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।

image 54

অভিযানত ঘোচ লোৱাৰ সময়তে হাতে-লোটে কৰায়ত্ত লাট মণ্ডল হৰি দাস সিনহা।

অভিযোগকাৰীৰ ভূমি মিউটেচনৰ বাবদ ১৮ হাজাৰ টকা ঘোচ লৈ গ্ৰেপ্তাৰ লাট মণ্ডল গৰাকী।

পাতি দৰং, লোজোৰা, বড়িগাঁও, দেওমৰনৈ কুমাৰ পাৰাৰ লাট মণ্ডল আছিল এইগৰাকী দুৰ্নীতিগ্ৰস্ত হৰি দাস সিনহা।

টুইটাৰত ঘোচখোৰ লাটমণ্ডল গৰাকীক গ্ৰেপ্তাৰ কথা সদৰী কৰিছে বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙে।