চিট বেল্ট পৰিধান কৰাটো যিমান গুৰুত্বপূৰ্ণ, সিমানেই গুৰুত্বপূৰ্ণ জৰাজীৰ্ণ পথৰ মেৰামতি! গাডকাৰীৰ ঘােষণাৰ পিছতে প্ৰতিক্ৰিয়া অভিনেত্ৰী পূজা ভাটৰ

নিউজ ডেস্কঃ চাৰিচকীয়া বাহনত যাত্ৰা কৰা সকলো যাত্ৰীয়ে চিটবেল্ট পৰিধান কৰাটো বাধ্যতামূলক কৰাৰ পিছতে এই সন্দৰ্ভত তীক্ষ্ণ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বলিউডৰ অভিনেত্ৰী তথা চলচ্ছিত্ৰ নিৰ্মাতা পূজা ভাটে।

টুইটাৰত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পূজা ভাটে কয় যে চিট বেল্ট পৰিধান কৰাৰ ওপৰত যিমান গুৰুত্ব প্ৰদান কৰা হৈছে, সিমানেই গুৰুত্ব পথৰ মাজত সৃষ্ট গাঁত আৰু জৰাজীৰ্ণ পথ মেৰামতিৰ ওপৰতো দিয়া উচিত।

পূজা ভাটে লিখিছে, “সকলোৱে ছিট-বেল্ট আৰু এয়াৰ বেগৰ কথা কৈ আছে। গুৰুত্বপূৰ্ণ? হয়! কিন্তু তাতোকৈ বেছি গুৰুত্বপূৰ্ণ পথৰ মাজত সৃষ্ট গাঁত আৰু জৰাজীৰ্ণ পথসমূহ ঠিক কৰা। আমাৰ পথ, ঘাইপথ, ফ্ৰীৱে নিৰ্মাণৰ বাবে নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰা সকলক কেতিয়া অপৰাধীৰূপে গণ্য কৰা হ’ব? তদুপৰি এবাৰ নিৰ্মাণ কৰা আৰু আড়ম্বৰেৰে উদ্বোধন কৰা সেই পথবোৰ ৰক্ষণাবেক্ষণ কৰাটোও জৰুৰী।”

image 53
চিট বেল্ট পৰিধান কৰাটো যিমান গুৰুত্বপূৰ্ণ, সিমানেই গুৰুত্বপূৰ্ণ জৰাজীৰ্ণ পথৰ মেৰামতি! গাডকাৰীৰ ঘােষণাৰ পিছতে প্ৰতিক্ৰিয়া অভিনেত্ৰী পূজা ভাটৰ 2

উল্লেখ্য যে, টাটাৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিষ্ট্ৰীৰ পথ দুৰ্ঘটনাৰ মৃত্যু ঘটাৰ পিছতে তদন্তত পোহৰলৈ আহিছিল যে দুৰ্ঘটনাৰ সময়ত তেওঁ চিট-বেল্ট পৰিধান কৰা নাছিল। এনে পৰিপ্ৰেক্ষিতত বাহনৰ সকলো যাত্ৰী, আনকি পিছৰ চিটৰ যাত্ৰীসকলৰ বাবেও চিট বেল্ট পৰিধান কৰাটো বাধ্যতামূলক বুলি ঘোষণা কৰে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে।

কেন্দ্ৰীয় চৰকাৰৰ এই নিৰ্দেশৰ পিছতে সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। তাৰ মাজতে অভিনেত্ৰী তথা ছবি নিৰ্মাতা পূজা ভাটে কৰা টুইট এতিয়া ভাইৰেল হৈ পৰিছে।