চালকৰ ঘৰত আত্মগোপন, আৰক্ষীৰ অভিযানত আটক ১৬ অবৈধ বাংলাদেশী নাগৰিক

নিউজ ডেস্কঃ ত্ৰিপুৰাৰ এজন চালকৰ ঘৰত গোপনে আশ্ৰয় লৈ থকা ১৬ জন বাংলাদেশী নাগৰিকক আটক কৰিবলৈ সক্ষম হৈছে ত্ৰিপুৰা আৰক্ষীয়ে।

পশ্চিম ত্ৰিপুৰা আৰক্ষীয়ে স্থানীয় লোকৰ খবৰৰ ভিত্তিত সোমবাৰে আৰু মঙলবাৰে নিশা অভিযান চলাই আটক কৰে বাংলাদেশী নাগৰিক কেইজনক।

জানিব পৰা মতে, আগৰতলাৰ ৰাজীৱ মিঞা নামৰ এজন চালকৰ ঘৰত বিগত ১৫ দিনৰো অধিক সময় ধৰি আত্মগোপন কৰি আছিল বাংলাদেশী নাগৰিক কেইজন।

এই সন্দৰ্ভত স্থানীয় ৰাইজে আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে অভিযান চলায় পৰৱৰ্তী সময়ত ১৬ জন বাংলাদেশী নাগৰিকক আটক কৰে।

photo1662547124
চালকৰ ঘৰত আত্মগোপন, আৰক্ষীৰ অভিযানত আটক ১৬ অবৈধ বাংলাদেশী নাগৰিক 2

অন্যহাতে বাংলাদেশী কেইজনক পৰৱৰ্তী সময়ত আদালতত হাজিৰ কৰোৱাত আদালতে আটাই কেইজনক আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে।

কিন্তু এই বাংলাদেশী নাগৰিক কেইজন কিদৰে ভাৰতত প্ৰৱেশ কৰিবলৈ সক্ষম হ’ল, সেই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ত্ৰিপুৰা আৰক্ষীয়ে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ভাৰত-বাংলাদেশ সীমান্ত অতিক্ৰম কৰি ভাৰতত প্ৰৱেশ কৰা ৬ জন বাংলাদেশী নাগৰিকক আটক কৰি সীমান্ত সুৰক্ষা বাহিনীয়ে বাংলাদেশৰ সীমান্তৰক্ষী বাহিনীক গতাই দিবলৈ সক্ষম হৈছিল।