আকৌ কোভিড আতংক! সংসদৰ শীতকালীন অধিৱেশনত মাস্ক পৰিধান কৰি প্ৰৱেশ প্ৰধানমন্ত্ৰীৰ…

নিউজ ডেস্কঃ আকৌ এবাৰ কোভিড-১৯ক লৈ বৃদ্ধি পাইছে উদ্বেগ।

চীনত কোভিড মহামাৰীৰ সংক্ৰমণ বৃদ্ধিৰ পিছতে ভাৰততো সতৰ্কতা জাৰি কৰিছে স্বাস্থ্য বিভাগে।

ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাৰ লগতে কোভিড বিধি মানি চলিবলৈ দেশবাসীক আহ্বান জনাইছে স্বাস্থ্য বিভাগে।

ইয়াৰ উপৰিও কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সময়ত বিদেশ যাত্ৰা নকৰিবলৈও আহ্বান স্বাস্থ্যমন্ত্ৰীৰ।

ইফালে বিগত এশদিন ধৰি অব্যাহত থকা কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাত ব্যস্ত ৰাহুল গান্ধীলৈ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীয়ে কোভিডক লৈ পত্ৰ প্ৰেৰণ কৰাক লৈও সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

কংগ্ৰেছ আৰু ৰাহুল গান্ধীয়ে ভাৰত জোড়ো যাত্ৰাৰ সফলতাত ভীতিগ্ৰস্থ হৈয়ে পুনৰ কোভিডৰ সহায় লৈছে বুলি সমালোচনা কৰিছে।

শাসক-বিৰোধীৰ এনে আক্ৰমণ-প্ৰত্যাক্ৰমণৰ মাজতে বৃহস্পতিবাৰে সদনত পুনৰ মাস্ক পৰিধান কৰি প্ৰৱেশ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

বৃহস্পতিবাৰে সংসদত অনুষ্ঠিত হোৱা শীতকালীন অধিৱেশনৰ কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰী মোডী, ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰ, লোকসভাৰ অধ্যক্ষ ওম বিৰলাকে ধৰি অন্যান্য সাংসদসকলক মাস্ক পৰিধান কৰা দেখা যায়।