নৃশংস! চলন্ত বাছৰ ভিতৰতে পত্নীক হত্যা কৰি মৃতদেহৰ কাষত বহি থাকিল আৰক্ষী বিষয়া স্বামী, গ্ৰেপ্তাৰ

নিউজ ডেস্কঃ চলি থকা বাছৰ ভিতৰতে নৃশংসভাৱে পত্নীক হত্যা কৰিলে এজন আৰক্ষী বিষয়াই। তাৰ পিছত পত্নীৰ মৃতদেহৰ কাষতে বহি থাকিল ভালেমান সময়।

এই চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে গুজৰাটৰ ছোটৌদেপুৰ জিলাত।

হত্যাকাৰী আৰক্ষী বিষয়াজনক অমৰুত ৰাথৱা বুলি চিনাক্ত কৰা হৈছে। তেওঁ চুৰাট জিলাত আৰক্ষী বিষয়া হিচাপে কৰ্মৰত আছিল।

হত্যাকাৰী স্বামীয়ে স্বীকাৰ কৰা মতে, পত্নীৰ বিবাহ বহিৰ্ভূত প্ৰেম থকাৰ বাবেই এই হত্যাকাণ্ড সংঘটিত কৰে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, অমৰুত ৰাথৱাৰ পত্নী মংগুবেন গুজৰাট ৰাজ্যিক পথ পৰিবহণ নিগমৰ বাছ কণ্ডাক্টৰ হিচাপে কৰ্মৰত আছিল।

বুধবাৰে পত্নী মংগুবেনক হত্যাৰ পৰিকল্পনা কৰি ভিখাপুৰ গাঁৱৰ পৰা পত্নীৰ বাছত উঠে আৰক্ষী বিষয়া স্বামী অমৰুত।

তাৰ পিছত বাছখনত প্ৰায় ২০০ কিলোমিটাৰ যাত্ৰা কৰি কণ্ডাক্টৰৰ আসনত বহি থকা পত্নীক পিছফালৰ পৰা ডিঙি ৰেপি নিৰ্মমভাৱে হত্যা কৰে অমৰুতে।

এই হত্যাকাণ্ড সংঘটিত কৰি ঘটনাস্থলীত আৰক্ষী উপস্থিত নোহোৱা পৰ্যন্ত মৃতদেহৰ কাষতে বহি ৰয় হত্যাকাৰী স্বামী।

ইতিমধ্যে আৰক্ষীয়ে হত্যাকাৰী আৰক্ষী বিষয়াজনক গ্ৰেপ্তাৰ কৰি এটা গোচৰ ৰুজু কৰিছে।