শোকাবহ! দেউতাকৰ সৈতে দোকানলৈ যাওতেই তীব্ৰবেগী বাছৰ খুন্দাত মৃত্যু ৫ বছৰীয়া কণমানিৰ, ক্ষুব্ধ ৰাইজে ভাঙিলে বাছখন…

নিউজ ডেস্কঃ দেউতাকৰ সৈতে দোকানলৈ যোৱাৰ সময়তে তীব্ৰবেগী বাছৰ খুন্দাত প্ৰাণ হ’ল এটি ৫ বছৰীয়া কণমানিৰ।

বৃহস্পতিবাৰে এই শোকাবহ ঘটনা সংঘটিত হয় কৰিমগঞ্জ জিলাৰ পথাৰকান্দিত।

জানিব পৰা মতে, আলম হুছেইন নামৰ শিশুটিয়ে দেউতাকৰ সৈতে ঘৰৰ কাষৰ দোকানলৈ গৈছিল।

সেই সময়তে মিজোৰামৰ পৰা অহা এমজেড ০৪ ২০৮০ নম্বৰৰ তীব্ৰবেগী বাছখনে শিশুটিক মহটিয়াই নিয়াত ঘটনাস্থলীতে মৃত্যু ঘটে শিশুটিৰ।

ইফালে এই দুৰ্ঘটনাৰ পিছতে ক্ষুব্ধ ৰাইজে পথ আৱদ্ধ কৰি দুৰ্ঘটনা সংঘটিত কৰা বাছখনৰ ক্ষতিসাধন কৰে।

পিছত ঘটনাস্থলীত জিলা প্ৰশাসন আৰু আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।