আইনগতভাৱে যদি কিছুমান কাম হোৱা নাই, তাৰ কাৰণে প্ৰতিবাদ সাব্যস্ত হ’ব লাগেঃ বৰ্ষাশ্ৰীৰ গ্ৰেপ্তাৰ সন্দৰ্ভত আৰু কি ক’লে অভিনেতা ৰবি শৰ্মাই

নিউজ ডেস্কঃ মনৰ আক্ৰোশ সামাজিক মাধ্যমত শব্দেৰে প্ৰকাশ কৰি বিগত প্ৰায় দুমাহ ধৰি কাৰাবন্দী হৈ থাকিবলগীয়া হৈছে টীয়কৰ বৰ্ষাশ্ৰী বুঢ়াগোহাঁইয়ে।

ডিচিবি কলেজৰ মেধাৱী ছাত্ৰীগৰাকীক মুকলি কৰি দিবলৈ দাবী জনাইছে অনেকেই। সামাজিক মাধ্যমতো বিগত কিছুদিন ধৰি চৰ্চাৰ বিষয় হৈ পৰিছে বৰ্ষাশ্ৰী।

বৰ্ষাশ্ৰী সন্দৰ্ভত বহুতেই প্ৰকাশ কৰিছে বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া। একাংশই ১৯ বৰ্ষীয় যুৱতীগৰাকীৰ মুক্তিৰ দাবী তুলিছে, আন একাংশই আকৌ তেওঁক কাৰাবন্দী কৰি ৰখাৰ বাবে অসম আৰক্ষীক বাহ বাহ দিছে।

আনপিনে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান আৰু বিশেষ সঞ্চালকপ্ৰধানৰ পৃথক পৃথক মন্তব্যক লৈও সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

প্ৰণিধানযোগ্য যে, ডিজিপি ভাস্কৰজ্যোতি মহন্তই সদৰী কৰা মতে, কোনো কবিতা লিখাৰ বাবে নহয়, বৰং আলফালৈ নিজে যাম বুলি কোৱা বাবে আৰু আনকো প্ৰৰোচিত কৰা বাবেহে গ্ৰেপ্তাৰ কৰা হৈছে বৰ্ষাশ্ৰীক।

photo1657878578
আইনগতভাৱে যদি কিছুমান কাম হোৱা নাই, তাৰ কাৰণে প্ৰতিবাদ সাব্যস্ত হ’ব লাগেঃ বৰ্ষাশ্ৰীৰ গ্ৰেপ্তাৰ সন্দৰ্ভত আৰু কি ক’লে অভিনেতা ৰবি শৰ্মাই 5

কিন্তু ইয়াৰ পিছতে টুইটাৰত এক বিপৰীত ধৰণৰ মন্তব্য কৰে বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙে। তেওঁ কয় যে, বৰ্ষাশ্ৰী বুঢ়াগোহাঁইয়ে সামাজিক মাধ্যমত কৰা ‘আকৌ কৰিম ৰাষ্ট্ৰদ্ৰোহ’ শীৰ্ষক এক মন্তব্যৰ বাবেহে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।

দুগৰাকী শীৰ্ষ বিষয়াৰ দুটা পৃথক মন্তব্যক লৈ সৰৱ প্ৰতিক্ৰিয়া অব্যাহত খকাৰ সময়তে বৰ্ষাশ্ৰীক লৈ এইবাৰ মন্তব্য কৰিলে বিশিষ্ট অভিনেতা ৰবি শৰ্মাই।

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি অভিনেতাগৰাকীয়ে কয় যে আইনগতভাৱে যদি কিছুমান কাম হোৱা নাই, তাৰ কাৰণে প্ৰতিবাদ সাব্যস্ত হোৱা উচিত।

photo1657878507
আইনগতভাৱে যদি কিছুমান কাম হোৱা নাই, তাৰ কাৰণে প্ৰতিবাদ সাব্যস্ত হ’ব লাগেঃ বৰ্ষাশ্ৰীৰ গ্ৰেপ্তাৰ সন্দৰ্ভত আৰু কি ক’লে অভিনেতা ৰবি শৰ্মাই 6

তেওঁ কয়, ‘আইনখন সলনি কৰাৰ ক্ষমতা কাৰ আছে? আইনগতভাৱে যদি কিছুমান কাম হোৱা নাই, তাৰ কাৰণে প্ৰতিবাদ সাব্যস্ত হ’ব লাগে। মই ইয়াত এটা কমেণ্ট কৰাৰ লগে লগে এই কমেণ্টৰ প্ৰতিক্ৰিয়া কি হ’ব সেয়া চাবলৈ সকলোৰে ৰৈ থাকে, কিন্তু প্ৰতিক্ৰিয়া কৰিবলৈ কোনো আগ্ৰহী নহয়।’

যিখন চৰকাৰক আজি বেয়া বুলি ক’ব খোজা হৈছে, সেই চৰকাৰখন কিন্তু আমাৰ মানুহেই আনিছে বুলি মন্তব্য কৰি ৰবি শৰ্মাই লগতে অসমবাসীক সজাগ হ’বলৈ আৰু ভুলৰ বিৰোধিতা কৰাত আগভাগ ল’বলৈ আহ্বান জনায়।

আনহাতে বৰ্ষাশ্ৰীৰ গ্ৰেপ্তাৰ ঘটনাই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও বহু এনে ঘটনা ঘটিছে আৰু বহু ঘটি থাকিব বুলি মন্তব্য কৰে অভিনেতাগৰাকীয়ে। তেওঁ কয়, ‘এটা এনকাউণ্টাৰ হ’লে মানুহে কয়- বাহ ই ৰেপিষ্ট আছিল, এনকাউণ্টাৰ হৈছে বহু ভাল হৈছে। কিন্তু সেই এনকাউণ্টাৰটো যেতিয়া নিজৰ সন্তানৰ লগত হ’ব তেতিয়া কি ক’ব সেয়া চাবলৈ মই ৰৈ আছো।’

উল্লেখ্য যে, কাৰাবন্দী হৈ থকা বৰ্ষাশ্ৰীক দ্বিতীয় ষাণ্মাসিকৰ পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ অনুমতি প্ৰদান কৰিছে আদালতে। কিন্তু গোলাঘাট আৰক্ষীয়ে জানিবলৈ দিয়া মতে, কাৰাগাৰৰ ভিতৰৰ পৰাই পৰীক্ষাত বহিব লাগিব বৰ্ষাশ্ৰীয়ে।

ডিচিবি কলেজৰ পৰা ছাত্ৰীগৰাকীক প্ৰশ্নকাকত আৰু বহী যোগান ধৰিব আৰক্ষীয়েই। অহা ১৬ তাৰিখৰ পৰা অনুষ্ঠিত হ’ব বৰ্ষাশ্ৰীৰ পৰীক্ষা।

লগতে চাওকঃ

তাইৰ মনটো যদি বিদ্ৰোহী হৈ উঠিছিল, তেন্তে… বৰ্ষাশ্ৰীৰ প্ৰসংগত এই কথা ক’লে ৰাইজৰ দলৰ মুখপাত্ৰ জ্ঞানশ্ৰীয়ে…

gyanshree
আইনগতভাৱে যদি কিছুমান কাম হোৱা নাই, তাৰ কাৰণে প্ৰতিবাদ সাব্যস্ত হ’ব লাগেঃ বৰ্ষাশ্ৰীৰ গ্ৰেপ্তাৰ সন্দৰ্ভত আৰু কি ক’লে অভিনেতা ৰবি শৰ্মাই 7

বহী পুনৰীক্ষণঃ মেট্ৰিকত স্থান লাভ কৰিলে প্ৰাৰ্থনা- অবিনাশে…

G8 3
আইনগতভাৱে যদি কিছুমান কাম হোৱা নাই, তাৰ কাৰণে প্ৰতিবাদ সাব্যস্ত হ’ব লাগেঃ বৰ্ষাশ্ৰীৰ গ্ৰেপ্তাৰ সন্দৰ্ভত আৰু কি ক’লে অভিনেতা ৰবি শৰ্মাই 8