কোন গগৈক উদ্দেশ্যি আছিল TMC সাংসদ মহুৱা মৈত্ৰাৰ বিতৰ্কিত টুইট? স্পষ্টীকৰণ ৰিপুণ বৰাৰ…

নিউজ ডেস্কঃ সদনত যৌন নিৰ্যাতনকাৰী শব্দৰ ব্যৱহাৰ অসংবিধানিক বুলি ঘোষণা কৰাৰ পিছতে এটা টুইট কৰিছিল তৃণমূল কংগ্ৰেছৰ লোকসভাৰ সাংসদ মহুৱা মৈত্ৰাই। সেই টুইটটোত তেওঁ যৌন নিৰ্যাতনকাৰী শব্দৰ প্ৰতিশব্দ বা অনুৰূপ শব্দ হিচাপে ‘মিষ্টাৰ গগৈ’ শব্দৰ ব্যৱহাৰ কৰিব বুলি মন্তব্য কৰিছিল।

ইয়াৰ পিছতে দেশজুৰি সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ। অসমৰ গগৈ উপাধিধাৰী আহোম সম্প্ৰদায়কো তৃণমূল কংগ্ৰেছৰ সাংসদগৰাকীয়ে অপমান কৰাৰ অভিযোগ উত্থাপন কৰে বিভিন্ন দল-সংগঠনে।

ৰাজনৈতিক স্বাৰ্থ পূৰণ কৰিবলৈ গৈ বা আনক হেয় প্ৰতিপন্ন কৰিবলৈ গৈ এটা জাতিক এনেদৰে অপমান কৰা কাৰ্যৰ বিৰুদ্ধে সৰৱ হৈ পৰে সকলো।

ইয়াৰ পিছতে মহুৱা মৈত্ৰাৰ সেই বিতৰ্কিত টুইটক লৈ স্পষ্টীকৰণ প্ৰদান কৰিছে তৃণমূ্ল কংগ্ৰেছৰ অসম ৰাজ্যিক সভাপতি ৰিপুণ বৰাই।

প্ৰথমতেই মহুৱা মৈত্ৰাৰ মন্তব্য দলৰ মন্তব্য নহয় বুলি স্পষ্ট কৰি দি ৰিপুণ বৰাই কয় যে সাংসদগৰাকীয়ে কেৱল এজন ব্যক্তিক লৈহে এইদৰে মন্তব্য কৰিছিল। গোটেই গগৈ জাতিক উদ্দেশ্য কৰি তেওঁ তেনেদৰে কোৱা নাছিল বুলি স্পষ্ট কৰি দিয়ে ৰিপুণ বৰাই।

মহুৱা মৈত্ৰাই কৰা মন্তব্য তেওঁৰ ব্যক্তিগত মত বুলি ব্যক্ত কৰি টিএমচিৰ অসম প্ৰদেশৰ সভাপতি গৰাকীয়ে কয় যে ইয়াৰ বাবে দল দায়বদ্ধ নহয়।

উল্লেখ্য যে, প্ৰথম টুইটত যৌন নিৰ্যাতনকাৰীৰ প্ৰতিৰূপ শব্দ হিচাপে ‘মিষ্টাৰ গগৈ’ ব্যৱহাৰ কৰিম বুলি কৈ বিতৰ্কৰ সৃষ্টি কৰা মহুৱা মৈত্ৰাই শুকুৰবাৰে আন এটা টুইট কৰি স্পষ্ট কৰি দিয়ে।

তেওঁ গগৈ জাতিক লৈ মন্তব্য কৰা নাই বুলি মন্তব্য কৰি কয় যে বৰ্তমানৰ এগৰাকী ৰাজ্যসভাৰ মনোনীত সাংসদ তথা সৰ্বোচ্ছ ন্যায়ালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশক উদ্দেশ্য কৰিহে তেনেদৰে মন্তব্য কৰিছিল।