অ’ আংকল… এতিয়াতে আহিব নিদিবাচোন আমাৰ বস্তু খালী কৰা হোৱা নাই! শিলসাঁকোৰ এই উচ্ছেদিত কণমানিটিৰ মাতষাৰ শুনি আপোনাৰ বুকু কিয় নকঁপিব?

নিউজ ডেস্কঃ বয়সনো কিমান তাৰ!

এয়া ঠিক যে সি এতিয়াও মানুহ চিনিব পৰা হোৱা নাই। সি বুজা হোৱা নাই সি বিচৰা বস্তুটো কিয় দেউতাকে পতককৈ আনি তাৰ হাতত তুলি দিব নোৱাৰে।

কিন্তু এতিয়া সি মাক-দেউতাকৰ লৰা-ঢপৰা দেখি কিবা এটা বুজিবলৈ চেষ্টা কৰিছে।

সি চকু মেলাৰ পৰাই দেখি অহা ঘৰখনৰ চালিৰ তলত যেতিয়া মাকে এপদ এপদকৈ বস্তুবোৰ সামৰিছে, তেতিয়া সি নুবুজাকৈয়ে সৰু সৰু হাত দুখনেৰে মাকক সহায় কৰি দিছে।

দেউতাকে যেতিয়া সামৰি থোৱা বস্তবোৰ কান্ধত কঢ়িয়াই সুৰক্ষিত স্থানলৈ লৈ গৈছে, তেতিয়া সিয়ো তাৰ শক্তি অনুযায়ী দেউতাকৰ সৈতে বস্তুবোৰ কঢ়িওৱাত সহায় কৰিছে।

আৰু তেতিয়াই হয়তো কোনোবা এজনে তাক কৈছে- যা চোন, পুলিচ আংকলক এনেকৈ কৈ আহিবি…!

শিলসাঁকোত উচ্ছেদিত হোৱা ৩০০টা পৰিয়ালৰ কোনোবা এটা পৰিয়ালৰে সদস্য সি। ‘ঘৰ’ কাকনো কয় সেয়া বুজি পোৱাৰ আগতেই আজি সি মাক-দেউতাক আৰু পৰিয়ালৰ বাকীবোৰ সদস্যৰ সৈতে এৰি থৈ আহিবলগীয়া হৈছে তাৰ ঘৰখন।

দুখন হাতত তাৰ দুটা বাস্কেট। হয়তো তাত পৰিয়ালৰ দুই-এপদ বস্তু আছে। হয়তো তাত তাৰ মৰমৰ জোতাযোৰ বা খেলৰ লগৰী পুতলা গাড়ীখন আছে।

সি হয়তো মাক-দেউতাকক সুধিছে- আমি কিয় বস্তুবোৰ সামৰি আছো? আমি ক’লৈ যাম? ক’ত থাকিম?

যদি তাৰ প্ৰশ্নৰ মাক-দেউতাকে কিবা উত্তৰ দিছেও সেয়া যি বুজিব পাৰিছে তাত সন্দেহ আছে। মাথো সি এতিয়া এটা কথাই বুজিছে- সি আৰু এইখন ঘৰত, এই ঠাইত থাকিবলৈ নাপায়।

কোনোবাই ক’বলৈ শিকাই দিয়া কথাখিনি মুখৰ ভিতৰত আওৰাই আওৰাই দুই হাতত দুটা বাস্কেট কেঁকোজেকোঁকৈ ডাঙি সি কাষ চাপি আহিছে কৰ্তব্যৰত এজন আৰক্ষীৰ ওচৰলৈ।

দূৰৈৰ পৰাই সি মাত লগাইছে (ঠিক মাতিবলৈ শিকাই দিয়াৰ দৰেই!)- অ আংকল…

কণমানিটিৰ মুখৰ সেই মৰমলগা সম্বোধনটো শুনিয়েই বুকু শিঁয়ৰি উঠিব পাৰে প্ৰতিজন হৃদয়বানৰ। ইমান আন্তৰিকতাভৰা মাতষাৰ… যেন বহু পুৰণি চিনাকি কোনোবা এজনক মাতিছে।

ক্ৰমে আৰক্ষী জনৰ কাষলৈ কাষচাপি অহা কণমানিটিয়ে আকৌ কৈছে- ‘এতিয়াই আহিবলৈ নিদিবাচোন। আমাৰ বস্তু খালী কৰা হোৱা নাই… ১০ মিনিটমান দেৰিকৈ হব।’

সময়ৰ হিচাপ সি মুঠেও নাজানে। ১০ মিনিট মানে কিমান সময় সেয়া বুজাৰ তাৰ বয়সেই হোৱা নাই। তথাপিও সি তেনেদৰেই কৈছে। কাৰণ তাক তেনেকৈ ক’বলৈ শিকাই পঠিওৱা হৈছে।

শিলসাঁকোৰ এই শিশুটিৰ সেই কথাখিনিৰ এটা ভিডিঅ’ কেমেৰাত বন্দী কৰিছে কোনোবাজনে। যি এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

আবেগ বিহ্বল সেই ভিডিঅ’টোৱে যেন অলক্ষিতেই বুজাই গৈছে শিলসাঁকোৰ উচ্ছেদিতৰ বুকুৰ ব্যথা।

হয় সেয়া চৰকাৰী মাটি। কিন্তু তাতেই সেই পৰিয়ালবোৰে নিজৰ সপোনৰ ঘৰখন গঢ়ি তুলিব বিচাৰিছিল। গৃহহাৰা পিতৃ-মাতৃয়ে নিজৰ সন্তানক এটা সুৰক্ষিত ভৱিষ্যত উপহাৰ দিয়াৰ সপোন দেখিছিল।

কণমানি যেন সেই সপোনৰে এটুকুৰা অংশ। তাৰ মুখৰ সেই মৰমলগা মাতষাৰ, সম্বোধনটো আৰু ১০ মিনিটৰ হিচাপ নজনা তাৰ স্বচ্ছ মনটোৱে প্ৰতিজনৰে বুকুত ৰুণ তুলিব পাৰে।

হয়তো ডাঙৰ হ’লে সি এদিন এই কথাবোৰ পাহৰি যাব। কিন্তু যদি তাৰ কথাবোৰ মনত থাকে… তেন্তে গৃহহাৰা এই সময়খিনি তাৰ জীৱনৰ বাবে হ’ব এক তিক্ত অভিজ্ঞতা।

আৰু সেই তিক্ত স্মৃতিয়ে যদি তাৰ মুখৰ মৰমলগা সম্বোধনটো, মাতষাৰ যদি এদিন কাঢ়ি লৈ যায়, তাৰ বাবে কিন্তু সি নিশ্চয় জগৰীয়া নহ’ব।

কাৰণ এতিয়াও সি মানুহ চিনিব পৰা হোৱাই নাই!