অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে জুম-য়ে! সন্ত্ৰাসবাদীৰে সংঘৰ্ষত গুলীবিদ্ধ হৈছিল ভাৰতীয় সেনাৰ পৰাক্ৰমী কুকুৰটো…

নিউজ ডেস্কঃ সন্ত্ৰাসবাদীৰে সংঘৰ্ষত গুলীবিদ্ধ হোৱাৰ পিছত চিকিৎসাধীন হৈ থাকি অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে ভাৰতীয় সেনাৰ পৰাক্ৰমী কুকুৰ ‘জুম’-এ।

বৃহস্পতিবাৰে শ্ৰীনগৰৰ এখন সামৰিক চিকিৎসালয়ত মৃত্যু ঘটে জুমৰ।

photo1665666157
অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে জুম-য়ে! সন্ত্ৰাসবাদীৰে সংঘৰ্ষত গুলীবিদ্ধ হৈছিল ভাৰতীয় সেনাৰ পৰাক্ৰমী কুকুৰটো… 3

উল্লেখ্য যে, কোকেৰনাগত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা সেনাৰ অভিযানৰ সময়ত সন্ত্ৰাসবাদীৰ গুলীবৰ্ষত তিনিটাকৈ গুলী লাগিছিল জুমৰ শৰীৰত।

মুখত দুটা আৰু ভৰিত এটা গুলী লাগি আহত হোৱা জুমক সামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও অৱশেষত মৃত্যু ঘটে।

ভাৰতীয় সেনাৰ এজন বিষয়াই জনোৱা মতে, পশু চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা জুম কুকুৰটোৰ আজি দিনৰ প্ৰায় ১২ বজাত মৃত্যু হয়।

photo1665666157 1
অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে জুম-য়ে! সন্ত্ৰাসবাদীৰে সংঘৰ্ষত গুলীবিদ্ধ হৈছিল ভাৰতীয় সেনাৰ পৰাক্ৰমী কুকুৰটো… 4

সেনাৰ কুকুৰটোক সন্ত্ৰাসবাদী লুকাই থকা ঘৰটোৰ পৰ্যবেক্ষণৰ কাম দিয়া হৈছিল। যোৱা ১০ অক্টোবৰত দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ কোকেৰনাগ অঞ্চলত সংঘটিত হৈছিল এই এনকাউণ্টাৰ।

২০২০ চনৰ ছেপ্টেম্বৰ মাহত জন্মগ্ৰহণ কৰা জুম আছিল এটা মালিন’ই বা বেলজিয়ামৰ শ্বেফাৰ্ড প্ৰজাতিৰ কুকুৰ।

২০২২ চনৰ ফেব্ৰুৱাৰী মাহত সেনাবাহিনীৰ ২৮টা সেনাৰ কুকুৰ ইউনিটত যোগদান কৰিছিল জুমে। তাৰ পিছত বিগত ৮ মাহ ভাৰতীয় সেনাৰ হৈ বহু অভিযানৰ অংশ আছিল জুম।