বিগত কিছু দিন ধৰি ৰূপকোৱঁৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কালজয়ী সৃষ্টি ‘লভিতা’ক আৱাহন থিয়েটাৰত বিকৃত ৰূপত মঞ্চত উপস্থাপন কৰোৱাৰ বাবে সমগ্ৰ ৰাজ্যতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।
এই সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মনে।
কবি বৰ্মনে আৱাহন কৰ্তৃপক্ষক জ্যোতিপ্ৰসাদ আগৰৱালাৰ মূল ‘লভিতা’ খনকে সম্পূৰ্ণকৈ মঞ্চস্থ কৰা অথবা জ্যোতিপ্ৰসাদ আগৰৱালাৰ কোনো সংলাপ, গীত, কাহিনী, পটভূমি আদি ব্যৱহাৰ নকৰাকৈ বেলেগ এখন নাটক মঞ্চস্থ কৰাৰ বাবে আহ্বান জনায়।
ইপিনে এই বিতৰ্কৰ মাজতে প্ৰস্তুতি পৰাশৰে ‘লভিতা এখন নাটকহে, শিলৰ ৰেখা নহয়’ বুলি কৰা মন্তব্যৰ বিৰুদ্ধে কবিগৰাকীয়ে প্ৰকাশ কৰে প্ৰতিক্ৰিয়া।
তেওঁ কয়- শংকৰ,মাধৱ, জ্যোতি, বিষ্ণু, লক্ষ্মীনাথ বেজবৰুৱাৰ কথা জাতিৰ বাবে শিলৰ ৰেখাই হয়, এই শিলৰ ৰেখা আমি মচিবলৈ চেষ্টা নকৰাই ভাল।
ভ্ৰাম্যমাণৰ গৌৰৱময় যাত্ৰা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত আলাপ-আলোচনাৰ মাজেৰে বিষয়টি নিষ্পত্তি কৰাৰো আহ্বান জনায় কবি গৰাকীয়ে।









