শোকাবহ! কেদাৰনাথ যাত্ৰাৰ সময়তে আধা বাটত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু তীৰ্থ যাত্ৰীৰ…

নিউজ ডেস্কঃ কেদাৰনাথ যাত্ৰাৰ পথত হঠাৎ অসুস্থ হৈ অকাল মৃত্যুক সাৱটিলে এগৰাকী তীৰ্থযাত্ৰীয়ে।

কেদাৰনাথ ধাম দৰ্শনৰ বাবে গৈ থকা সময়তে আধা বাটত অসুস্থ হৈ মৃত্যু ঘটা পৰ্যটক গৰাকীৰ পৰিচয় পশ্চিম বংগৰ হাওৰাৰ কৃষ্ণচন্দ্ৰ পাল (৬৬) বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে সদৰী কৰা মতে, এটা ট্ৰেভেল এজেন্সীৰ জৰিয়তে ৩০ জনীয়া এটা দলৰ সৈতে কেদাৰনাথলৈ গৈছিল কৃষ্ণচন্দ্ৰ পাল।

kedarnath
শোকাবহ! কেদাৰনাথ যাত্ৰাৰ সময়তে আধা বাটত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু তীৰ্থ যাত্ৰীৰ… 2

মঙলবাৰে সন্ধিয়া দলটোৱে ৰুদ্ৰপ্ৰয়াগলৈ গৈ থকা সময়তে ৰাস্তাত হঠাৎ অসুুস্থ হৈ পৰে ব্যক্তিজন।

লগে লগে তেওঁক নিকটৱৰ্তী হাস্পতাললৈ লৈ যোৱা হয় যদিও ব্যক্তিজনৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটা বুলি নিশ্চিত কৰে চিকিৎসকে।

ইয়াৰ পিছতে বৃহস্পতিবাৰে বিমানযোগে কৃষ্ণচন্দ্ৰ পালৰ মৃতদেহ বিমানযোগে উত্তৰাখণ্ডৰ পৰা পশ্চিম বংগলৈ অনা হয়।

জানিব পৰা মতে, ব্যক্তিজনৰ একমাত্ৰ কন্যা ইণ্ডিগ’ এয়াৰ লাইন্সৰ এয়াৰ হোষ্টেজ হিচাপে কৰ্মৰত।

পিতৃৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পিছতে শোকত ভাগি পৰে কন্যাৰ লগতে গোটেই পৰিয়াল।

তীৰ্থযাত্ৰাৰ সময়তে এনেদৰে আধা বাটত ব্যক্তিজনৰ মৃত্যুৱে শোকবিহ্বল কৰি তুলিছে হাওৰাবাসীকো।