অসমীয়াৰাষ্ট্ৰীয়

অৱতৰণৰ সময়তে অনিয়ন্ত্ৰিত হৈ পৰিল হেলিকপ্টাৰ! কথমপি প্ৰাণৰক্ষা বহুতৰ, ভাইৰেল ভিডিঅ’

নিউজ ডেস্কঃ অৱতৰণ সময়তে অনিয়ন্ত্ৰিত হৈ পৰিল এখন হেলিকপ্টাৰ। উত্তৰাখণ্ডৰ কেদাৰনাথত এখন হেলিকপ্টাৰ অনিয়ন্ত্ৰিতভাৱে অৱতৰণ কৰাৰ পৰিপ্ৰেক্ষিতত কথমপি প্ৰাণ ৰক্ষা পৰে অনেক লোকৰ। এই ঘটনাৰ এটা ভিডিঅ’ ইতিমধ্যে সমাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

ঘটনাটো যোৱা ৩১ মে’ত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

image 80

হেলিকপ্টাৰখনৰ হাৰ্ড লেণ্ডিঙৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ কিছু সময়ৰ পিছতে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে এক বিবৃতি প্ৰকাশ কৰে।

বিবৃতিটোত ডিজিচিএয়ে ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়াৰ কথা উল্লেখ কৰাৰ লগতে দোষী সাব্যস্ত হোৱা অপাৰেটৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰো সকিয়নী প্ৰদান কৰে।

image 81

ডিজিচিএয়ে এই সম্ভাব্য দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে যৌথ মানক পৰিচালনা পদ্ধতি অনুসৰি সুৰক্ষা মানদণ্ডসমূহ কঠোৰভাৱে পালন কৰাৰ বাবে সকলো অপাৰেটৰক এক কাৰ্য্যকৰী পৰামৰ্শ জাৰি কৰে।

আনহাতে প্ৰতিকুল বতৰৰ বাবে যাত্ৰীবাহি হেলিকপ্টাৰখন অনিয়ন্ত্ৰিত হৈ পৰিছিল নেকি সেই সন্দৰ্ভত তদন্ত কৰিবলৈ স্পট চেক কৰা হৈছে বুলিও অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ সঞ্চালকে জানিবলৈ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *