অসম

লেটাৰমাৰ্ক সহ প্ৰথম বিভাগত উত্তীৰ্ণ অখিল গগৈৰ পুত্ৰ নচিকেতা…

বহু প্ৰতিক্ষাৰ অন্ত পেলাই অৱশেষত ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল।

মঙলবাৰে পুৱা ১০ বাজৰ লগে লগে ঘোষণা কৰা হয় মেট্ৰিকৰ ফলাফল।

শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰো পুত্ৰ নাচিকেতাই এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

জাতীয় বিদ্যালয়ৰ পৰা এই পৰীক্ষাত অৱতীৰ্ণ হোৱা নাচিকেতাই প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে।

৬৩ শতাংশ নম্বৰ লাভ কৰা নাচিকেতাই এটা বিষয়ত লেটাৰ নম্বৰো লাভ কৰিছে।

image 82

উল্লেখ্য যে, ২০২২ বৰ্ষত ৰাজ্যত মুঠ ৪,০৫,৫৮২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

ইয়াৰে ভিতৰত ২,১৭,০১২ গৰাকী ছাত্ৰী আৰু ১,৮৮,৫৭০ গৰাকী ছাত্ৰ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ৪,০৫,৫৮২ ছাত্ৰ-ছাত্ৰীৰ ভিতৰত মুঠ ২,২৯,১৩১ গৰাকী ছাত্ৰ-ছাত্ৰী পৰীক্ষাত উত্তীৰ্ণ হয়।

চলিত বৰ্ষত উত্তীৰ্ণৰ হাৰ হৈছে ৫৬.৪৯ শতাংশ।

লগতে চাওকঃ

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলঃ কোনে পালে কি স্থান, জানক সৱিশেষ…

photo 2022 06 07 10 46 14

Leave a Reply

Your email address will not be published. Required fields are marked *