আন্তঃৰাষ্ট্ৰীয়

অৰ্থনৈতিক সংকট! জনতাৰ প্ৰতিবাদৰ পিছত শ্ৰীলংকাত জৰুৰী অৱস্থা ঘোষণা…

ভয়ংকৰ অৰ্থনৈতিক সংকটে দেখা দিছে দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাত।

খাদ্যৰ নাটনি, অত্যাৱশ্যকীয় মূল্যবৃদ্ধিয়ে দুৰ্বিসহ কৰিছে ৰাষ্ট্ৰখনৰ সাধাৰণ নাগৰিকৰ জীৱন।

চৰকাৰৰ ভুল নীতিৰ বলি হৈ এতিয়া দেউলীয়া হোৱা শ্ৰীলংকাত হাজাৰ টকা দি ক্ৰয় কৰিব লগা হৈছে এপেকেট গাখীৰ, এক কিলো চাউল!

স্বাস্থ্য সেৱা, খোৱাপানীৰ তীব্ৰ সংকটৰ সন্মুখীন হোৱা ৰাষ্ট্ৰখনত চৰকাৰৰ ভুল নীতিৰ বিষয়ে শেহতীয়াকৈ বুজি উঠিছে সাধাৰণ জনতা। যাৰ বাবে ক্ষোভিত জনতাই চৰকাৰৰ বিৰুদ্ধে আৰম্ভ কৰিছে তীব্ৰ প্ৰতিবাদ।

জনতাৰ এনে ক্ষোভৰ উদ্গীৰণ নিয়ন্ত্ৰণৰ বাবে এতিয়া শ্ৰীলংকাত জৰুৰী অৱস্থা ঘোষণা কৰিছে ৰাষ্ট্ৰপতিয়ে।

ৰাষ্ট্ৰপতিৰ বাসভৱন ঘেৰাও কৰি শুকুৰবাৰে সহস্ৰাধিক সাধাৰণ নাগৰিকে চৰকাৰৰ ভুল নীতিৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰাত অৱশেষত জৰুৰী অৱস্থা ঘোষণা কৰে ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাকছাই।

Leave a Reply

Your email address will not be published. Required fields are marked *