ৰাষ্ট্ৰীয়

তবলিগী গোটৰ অংশ হিচাপে ভাৰতত প্ৰৱেশ কৰা ১২ ৰহিংগীয়াক গ্ৰেপ্তাৰ…

তবলিগী গোটৰ অংশ হিচাপে ভাৰতত প্ৰৱেশ কৰা ১২ ৰহিংগীয়াক জম্মু-কাশ্মীৰত গ্ৰেপ্তাৰ।

জম্মু-কাশ্মীৰৰ ৰামবন জিলাত শুকুৰবাৰে আৰক্ষীয়ে ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা ১২ জন ৰহিংগীয়া মুছলমানক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষী সূত্ৰই সদৰী কৰা মতে, ধৃত ৰহিংগীয়া মুছলমান সকলে তবলিগী গোটৰ অংশ হিচাপে জিলাখনৰ গুল তহচিলৰ দাৰ গাঁৱত প্ৰৱেশ কৰিছিল।

ধৃত ৰহিংগীয়া কেইজনক আমিৰ হাকাম, জাফৰ আলম, মহম্মদ নুৰ, আবুল হাছান, মহম্মদ আলম, নুৰ আমিন, নুৰ হুছেইন, চৈয়দ হোছেইন, মহম্মদ চেলিম, মহম্মদ ইছমাইল, কামাল হুছেইন আৰু মুস্তাফা হুছেইন বুলি চিনাক্ত কৰা হৈছে।

আটাইকেইজনক পৰৱৰ্তী সময়ত কাঠুৱা জিলাৰ হীৰানগৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *