অসম

মাটিত ভৰি নাথাকিলে কোনো ইন্টাৰনেশ্যনেল মানুহ হব নোৱাৰেঃ ছিৰাজুদ্দিন আজমলক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ…

মাটিত ভৰি নাথাকিলে কোনো ইন্টাৰনেশ্যনেল মানুহ হব নোৱাৰে। -এইআইইউডিএফৰ বিধায়ক ছিৰাজুদ্দিন আজমলক কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

উল্লেখ্য যে, শুকুৰবাৰে সংবাদ মাধ্যমৰ নিজকে ইন্টাৰনেশ্যনেল মানুহ বুলি ফিতাহী মাৰি ছিৰাজুদ্দিন আজমলে কৈছিল যে অসমীয়া কোনে কয়? আমি ইন্টাৰনেশ্যনেল মানুহ।

বিধায়কজনৰ এনে মন্তব্যক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। অসমৰ পৰা বিধায়ক হৈ অসমীয়া নাজানো বুলি দম্ভালি মৰা বিধায়ক ছিৰাজুদ্দিন আজমলক লৈ শনিবাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে ইন্টাৰনেশ্যনেল মানুহ হলেই যে অসমীয়া ক’ব নোৱাৰিব এনে অদ্ভুত সংজ্ঞা কোনেও শুনা নাই। মাটিত ভৰি নাথাকিলে কোনো ইন্টাৰনেশ্যনেল হ’ব নোৱাৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে ছিৰাজুদ্দিন আজমলক অসমীয়া শিকিবলৈ অনুৰোধো জনায়। তেওঁ কয়, ছিৰাজুদ্দিন আজমলে অসমীয়া শিকক, তেওঁ নিশ্চয় পাৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *