অৰুণাচল প্ৰদেশঅসমীয়া

অৰুণাচল প্ৰদেশত হিমস্খলনৰ ফলত সন্ধানহীন ৭ গৰাকী ভাৰতীয় সেনা জোৱান

নিউজ ডেস্ক। অৰুণাচল প্ৰদেশৰ কামেং চেক্টৰৰ পাহাৰীয়া এলেকাত সংঘটিত প্ৰচণ্ড হিমস্খলনৰ ফলত দেওবাৰে প্ৰায় ৭ জন ভাৰতীয় সেনা জোৱান সন্ধানহীন হৈ পৰে।

অঞ্চলটোত ভাৰতীয় সেনা জোৱান কেইজনে টহল দি থকাৰ সময়তে হিমস্খলন ঘটাত বৰফৰ বুকুত আবদ্ধ হৈ পৰে জোৱান কেইজন।

G1

ভাৰতীয় জোৱান কেইজনক উদ্ধাৰৰ বাবে ইতিমধ্যে অভিযান আৰম্ভ কৰা হৈছে।

জোৱান কেইজন সন্ধানহীন হৈ থকা অঞ্চলটোলৈ হেলিকপ্টাৰৰ জৰিয়তে উদ্ধাৰকাৰী বাহিনী প্ৰেৰণ কৰা হৈছে।

উল্লেখ্য যে, অৰুণাচল প্ৰদেশত বিগত কিছু দিনত হৈ থকা প্ৰচণ্ড তুষাৰপাত আৰু হিমস্খলনে শীতৰ প্ৰকোপ বৃদ্ধি কৰাৰ লগতে ঠায়ে ঠায়ে যাতায়ত স্থবিৰ কৰি পেলাইছে।

বৰফৰ শুভ্ৰ আচ্ছাদনত বুৰ যোৱা অৰুণাচল প্ৰদেশৰ কামেং অঞ্চলত ডিচেম্বৰ মাহতো কেইবাজনো পৰ্যটক হিমস্খলনৰ ফলত আৱদ্ধ হৈ পৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *