ৰাষ্ট্ৰীয়অসমীয়া

জীৱিত কালত বহু ৰোগীৰ বাবে সাক্ষাৎ ভগৱান হৈ পৰা চিকিৎসকে মৃত্যুৰ পিছতো জীৱন দি গ’ল ৩ জনকৈ ৰোগীক

নিউজ ডেস্ক। চিকিৎসক হিচাপে যথেষ্ট জনপ্ৰিয় আছিল তেওঁ। কেইবাটাও কঠিন অস্ত্ৰোপচাৰ সফলতাৰে সম্পূৰ্ণ কৰি তেওঁ প্ৰাণ ৰক্ষা কৰিছিল ৰোগীৰ।

জীয়াই থকা অৱস্থাত ৰোগীৰ বাবে ভগৱান স্বৰূপ হৈ পৰা চিকিৎসকগৰাকীয়ে মৃত্যুৰ পিছতো জীৱন দি গ’ল তিনিগৰাকীকৈ ৰোগীক।

কলকাতৰ শল্য চিকিৎসক সংযুক্তা শ্যাম ৰয়।

2 2

চহৰখনৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসা সেৱা প্ৰদান কৰা সংযুক্তা শ্যাম ৰয়ে বহু কেইটা কঠিন অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰিছিল। যাৰ বাবে ৰোগীৰ প্ৰথম পচন্দৰ চিকিৎসক হৈ পৰিছিল সংযুক্তা।

9

কিন্তু দুদিন পূৰ্বে আকস্মিকভাৱে ‘ব্ৰেইন ডেড’ হৈ মৃত্যুক সাৱটি লয় সংযুক্তাই। তাৰ পিছতে তেওঁৰ পৰিয়ালে শৰীৰৰ অংগ আন ৰোগীক দান দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।

3 2

সেই অনুসৰি সংযুক্তাৰ যকৃত আৰু বৃক্ক তিনিজন ৰোগীৰ দেহত সংৰোপণ কৰা হয়। বৰ্তমান আটাইকেইজন ৰোগী সুস্থ হৈ থকা বুলি জানিব পৰা গৈছে।

বাতৰি অনুসৰি, বুধবাৰে পুৱা চেন্নাইৰ পৰা এটা বিশেষজ্ঞৰ চিকিৎসকৰ দল উপস্থিত হৈ সংযুক্তাৰ যকৃত এজন ৬১ বছৰীয়া ৰোগীৰ দেহত সফলতাৰে সংৰোপণ কৰে। কলকাতাৰ নিৱাসী ৰোগীজন বৰ্তমান সুস্থ আৰু চিকিৎসকৰ পৰ্যবেক্ষণত আছে।

ইফালে একেদিনাই দুপৰীয়া সংযুক্তা শ্যাম ৰয়ৰ চকুৰ কৰ্ণিয়া সংগ্ৰহ কৰে ব্যক্তিগত চকু বেংকে।

পৰীক্ষা সম্পন্ন হোৱাৰ পিছত যদি সম্ভৱ হয় তেন্তে কোনো দৃষ্টিহীনক এই চকুৰ কৰ্ণিয়া দান কৰা হ’ব বুলি জানিবলৈ দিয়ে চকু চিকিৎসক ডা০ সমৰ বাচাকে।

3 3

দুখৰ দুৰ্বিসহ সময়ৰ মাজতো সংযুক্তাৰ পৰিয়ালে তেওঁৰ দেহৰ অংগ দান কৰিবলৈ লোৱা সিদ্ধান্তৰ বাবে ধন্যবাদ জনাইছে অনেকে।

জীৱিত কালত বহু ৰোগীৰ জীৱন ৰক্ষা কৰা চিকিৎসকগৰাকীয়ে মৃত্যুৰ পিছতো তিনিগৰাকীকৈ ৰোগীৰ জীৱন ৰক্ষা কৰাৰ বাবে ডা০ সংযুক্তা শ্যাম ৰয়ক স্মৰণ কৰিছে সকলোৱে।

Leave a Reply

Your email address will not be published. Required fields are marked *