অসমৰ জেচিবি চালকসহ ৩ শ্ৰমিকক অপহৰণৰ NSCN (K) উগ্ৰপন্থীৰ

নিউজ ডেস্ক। অৰুণাচল প্ৰদেশত পুনৰ তৎপৰ নিষিদ্ধ উগ্ৰপন্থী সংগঠন NSCN (K)।

ৰাজ্যখনৰ লংডিঙৰ পৰা অপহৰণ অসমৰ শ্ৰমিকক।

জানিব পৰা মতে, পথ নিৰ্মাণ কাৰ্যত নিয়োজিত অসমৰ শ্ৰমিকজন।

অপহৃত যুৱকজনৰ নাম হেমন্ত কোচ বুলি জানিব পৰা গৈছে। ডিব্ৰুগড়ত ঘৰ হেমন্ত কোচৰ।

ইফালে ৰামাছিছ মহত্ব নামৰ বিহাৰৰ এজন যুৱককো অপহৰণ কৰা বুলি জানিব পৰা গৈছে।

আনহাতে, বানফাও ৱাংপাম নামৰ এজন স্থানীয় শ্ৰমিককাে অপহৰণ কৰিছে উগ্ৰপন্থীয়ে।

বানফাও ৱাংপাম নামৰ অৰুণাচলী লোকজনক ইতিমধ্যে উগ্ৰপন্থীয়ে মুকলি কৰি দিয়া বুলি জানিব পৰা গৈছে।

অপহৃত আটাইকেইজন শ্ৰমিকে লংডিঙত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যােজনাৰ পথ নিৰ্মাণ কাৰ্যত নিয়োজিত আছিল।

অপহৰণৰ আঁৰত এনএছচিএন (কে) জড়িত থকাৰ সন্দেহ কৰা হৈছে।

অৱশ্যে, এই অপহৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই সংগঠনটােৱে।

উগ্ৰপন্থীৰ অপহৰণৰ পিছতে হীৰেন কোচৰ টিংখাঙৰ বাসগৃহত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।

Leave a Comment