অসমীয়াআন্তঃৰাষ্ট্ৰীয়

৪ গৰাকী ভাৰতীয় নাগৰিকসহ নেপালৰ মধ্য আকাশৰ পৰা সন্ধানহীন যাত্ৰীবাহী বিমান, সন্ধান বিচাৰি চলিছে অভিযান

নিউজ ডেস্কঃ মধ্য আকাশৰ পৰা সন্ধানহীন হ’ল এখন যাত্ৰীবাহী বিমান। দেওবাৰে পুৱা নেপালৰ পোখৰাৰ পৰা জোমচোমলৈ উৰা মৰাৰ পিছতে সন্ধানহীন হৈ পৰে তাৰা এয়াৰৰ টুইন অটাৰ বিমানখন।

বিমান বন্দৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, যাত্ৰীবাহী বিমানখনেৰে ৪ গৰাকী ভাৰতীয় নাগৰিকসহ মুঠ ২২ জন যাত্ৰী আৰু ক্ৰু মেম্বাৰে যাত্ৰা কৰি আছিল। বিমানখনৰ ভিতৰত থকা ৪ গৰাকী যাত্ৰী আছিল জাপানৰ নাগৰিক।

বিমানখনৰ পুৱা ৯.৫৫ বজাৰ পৰা বিমান কৰ্তৃপক্ষৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ আছে।

image 170
কেপ্টেইন প্ৰভাকৰ প্ৰসাদ ঘিমিৰ

মুখ্য জিলা বিষয়া নেত্ৰ প্ৰসাদ শৰ্মাই সংবাদ মাধ‍্যমক জনোৱা মতে, বিমানখন শেষবাৰৰ বাবে মুস্তাং জিলাৰ জোমচোমৰ আকাশৰ ওপৰত দেখা গৈছিল আৰু তাৰ পিছত ধৌলাগিৰি পৰ্বতলৈ পথ পৰিৱৰ্তন কৰাৰ পিছতে সংযোগ বিচ্ছিন্ন হয়

বিমানখনৰ ভিতৰত আছিল মুঠ তিনিগৰাকী ক্ৰু মেম্বাৰ। যাৰ নেতৃত্ব দিছিল কেপ্টেইন প্ৰভাকৰ প্ৰসাদ ঘিমিৰে। প্ৰাপ্ত তথ্য অনুসৰি বিমানখন পুৱা ১০:১৫ বজাত জোমচোম বিমানবন্দৰত অৱতৰণ কৰাৰ কথা আছিল।

জোমচোম বিমানবন্দৰৰ কৰ্তৃপক্ষৰ মতে, জোমচোমৰ ঘাছাত এটা প্ৰচণ্ড শব্দৰ বিষয়ে তেওঁলোকৰ ওচৰত এক খবৰ আহি পৰিছে। সেই অঞ্চলৰ স্থানীয় লোকে ফোনযোগে বিস্ফোৰণৰ দৰে এটা অস্বাভাৱিক শব্দ শুনাৰ কথা অৱগত কৰে।

বিমানখনৰ সন্ধানত ইতিমধ্যে অভিযান আৰম্ভ কৰা হৈছে। ঘাছা অঞ্চলতো বিমানখনৰ সন্ধা্‌ন বিচাৰি হেলিকপ্টাৰ প্ৰেৰণ কৰা হৈছে বুলি জানিবলৈ দিয়ে মুষ্টাঙৰ জিলা আৰক্ষী কাৰ্যালয়ৰ ডিএছপি ৰাম কুমাৰ দানিয়ে।

ইফালে নেপালৰ গৃহ মন্ত্ৰণালয়েও সন্ধানহীন বিমানখনৰ উদ্ধাৰৰ বাবে বাবে মুস্তাং আৰু পোখৰাৰ পৰা দুখন ব্যক্তিগত হেলিকপ্টাৰ প্ৰেৰণ কৰিছে। নেপাল বায়ু সেনাৰ হেলিকপ্টাৰেও অনুসন্ধানৰ বাবে নিয়োজিত কৰাৰ যাবতীয় প্ৰস্তুতি কৰা হৈছে বুলি গৃহ মন্ত্ৰালয়ৰ মুখপাত্ৰ ফাদিন্দ্ৰ মণি পোখৰেলে অৱগত কৰিছে।

উল্লেখযোগ্য যে পশ্চিম নেপালৰ হিমালয়ৰ পাদদেশৰ কালী গাণ্ডাকী উপত্যকাত অৱস্থিত মুস্তাং জিলা বিমান উৰণৰ বাবে এক বিপজ্জনক এলেকা হিচাপে ধৰা হয়। ধৌলাগিৰি আৰু অন্নপূৰ্ণা পৰ্বতমালাৰ মাজত তিনি মাইল উলম্বভাৱে তললৈ যোৱা পৃথিৱীৰ আটাইতকৈ গভীৰ খাদটো এই জিলাৰ মাজেৰেই পাৰ হৈ গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *