মৰ্মান্তিক! ৰাজপথত গাড়ী চলাই থাকোতেই আকস্মিকভাৱে ঢলি পৰি মৃত্যু বাছ চালকৰ, নিয়ন্ত্ৰণহীন বাছৰ খুন্দাত হতাহত কেইবাজনো…

নিউজ ডেস্ক। সমগ্ৰ দেশত ভয়াবহ হাৰত বৃদ্ধি পাইছে আকস্মিক মৃত্যুৰ সংখ্যা।

কোনোৱে যদি নাচি থাকোতে, আন কোনোৱে আকৌ শাৰীৰিক কচৰতৰ সময়তে আকস্মিকভাৱে ঢলি পৰি সাৱটিছে মৃত্যুক।

বহুতৰে আকৌ প্ৰাণ গৈছে গাড়ী চলাই থাকোতেই।

কোভিড মহামাৰীৰ পিছত ভয়াবহ হাৰত বৃদ্ধি পোৱা এনে আকস্মিক মৃত্যুক লৈ মানুহৰ মাজত উদ্বিগ্নতা বৃদ্ধি পোৱাৰ সময়তে আকৌ ঘটিল শোকাবহ ঘটনা।

এইবাৰ ৰাজপথত গাড়ী চলাই থাকোতেই হৃদক্ৰিয়া বন্ধ হৈ আকস্মিক মৃত্যুক সাৱটিলে এগৰাকী বাছ চালকে।

মধ্যপ্ৰদেশৰ জবলপুৰত ৰাজপথত গাড়ী চলাই থাকোতেই হঠাৎ হৃদ ক্ৰিয়া বন্ধ হৈ অচেতন হৈ পৰা এখন যাত্ৰীবাহী বাছৰ চালকজন।

যাৰ ফলত নিয়ন্ত্ৰণহীন বাছখনে আন কেইবাখনো বাহনত খুন্দা মৰাত কেইবাজনো লোক কম-বেছি পৰিমানে আহত হয়।

দুৰ্ঘটনাত বাছ চালকজনৰ লগতে আন এজন ব্যক্তিও নিহত হয়।

পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত সকলক হাস্পতাললৈ প্ৰেৰণ কৰাৰ লগতে নিহত দুজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

হৃদ ক্ৰিয়া বন্ধ হৈ মৃত্যু ঘটা বাছ চালকজনৰ পৰিচয় ৬০ বছৰীয়া হৰদেৱ পাল বুলি জানিব পৰা গৈছে।

ইফালে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে দুৰ্ঘটনাটোৰ এটা ভিডিঅ’।

যি ভিডিঅ’ এতিয়া উদ্বিগ্ন কৰিছে সাধাৰণ জনতাক।