অলিম্পিকত ভাৰতৰ প্ৰথমটো স্বৰ্ণ জয়, ইতিহাস সৃষ্টি কৰি নীৰজ চোপ্ৰাই আঁজুৰি আনিলে স্বৰ্ণ পদক…

দেশবাসীৰ বাবে এক গৌৰৱৰ ক্ষণ।

টকিঅ’ অলিম্পিকত ভাৰতে লাভ কৰিলে প্ৰথমটো সোণৰ পদক।

জেভলিন থ্ৰ’ প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰথমটো স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয় নীৰজ চোপ্ৰাই।

৮৭.৫৮ মিটাৰ দূৰত্বলৈ জেভলিন থ্র কৰি সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হয় চোপ্ৰাই।

১২ গৰাকী এথলীটে অংশ লোৱা ফাইনেল মেচখনত নীৰজে প্ৰথম প্ৰয়াসত ৮৭.০৩, দ্বিতীয় প্ৰয়াসত ৮৭.৫৮, তৃতীয় প্ৰয়াসত ৭৬.৭৯ মিটাৰ থ্ৰ’ কৰে।

Image

অলিম্পিকৰ ইতিহাসত ব্যক্তিগত শাখাত ভাৰতবৰ্ষৰ এইয়া দ্বিতীয়টো স্বৰ্ণ পদক।

ইয়াৰ পূৰ্বে ২০০৮ চনৰ অলিম্পিকত অভিনৱ বৃন্দাই SHOOTING ত লাভ কৰিছিল সোণৰ পদক।

পদক জয়ৰ দিশৰ পৰা ভাৰতৰ অলিম্পিকৰ ইতিহাসত টকীঅ অলিম্পিকত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন।

ইয়াৰ পূৰ্বে 2012ৰ লণ্ডন অলিম্পিকত ভাৰতে লাভ কৰিছিল দুটা ৰূপ আৰু চাৰিটা ব্ৰঞ্জৰ মেডেল।

উল্লেখ্য যে যোৱা ৪ আগষ্টত অনুষ্ঠিত কোৱালিফিকেশ্যন ৰাউণ্ডত নীৰজে প্ৰথম থ্ৰোতে কোৱালিফিকেশ্যন মাৰ্ক (৮৩.৫০) অতিক্ৰম কৰি ফাইনেলত প্ৰৱেশ কৰিছিল।

Leave a Comment