অহা বর্ষত দেশে স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰত উপনীত হ’ব৷
ইয়াৰ প্রতি লক্ষ্য ৰাখি অসমৰ শিক্ষাখণ্ডৰ বাবে এক অভিলাষী পদক্ষেপ গ্রহণ কৰিছে ৰাজ্য চৰকাৰে।
দেশে স্বাধীনতা লাভৰ ৭৫ বছৰত উপনীত হোৱাৰ সৈতে সংগতি ৰাখি ২০৯খন উচ্চ-উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্রদান কৰা হ’ব তিনি কোটি টকা৷
সেইদৰে উৎকর্ষতাৰ কেন্দ্র হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে ২,০০৫খন নিম্ন-উচ্চ প্রাথমিক বিদ্যালয়লৈ আগবঢ়োৱা হ’ব ৫০ লাখকৈ টকা৷
বিধানসভাত এই বিষয়ে সদৰী কৰে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে।
ইফালে শেহতীয়াকৈ অনুমোদিত ২২,৯২১টা শিক্ষকৰ খালী পদৰ নিযুক্তি সম্পূর্ণৰূপে নতুন হ’ব বুলি মন্ত্ৰীগৰাকীয়ে সদৰী কৰে৷
এই সন্দর্ভত শিক্ষামন্ত্রী ডাঃ পেগুৱে কয় যে ইয়াৰে ১০ হাজাৰটা শিক্ষক পদ প্রাথমিক বিদ্যালয়ৰ আৰু বাকী ১২,৯২১টা মাধ্যমিক পর্যায়ৰ হ’ব।









