ৰাষ্ট্ৰীয়

অলিম্পিকত ভাৰতৰ আন এক পদক, মল্লযুদ্ধত বজৰং পুনীয়াৰ ব্ৰঞ্জৰ পদক লাভ…

অলিম্পিকৰ পৰা দেশবাসীলৈ আহিল আন এক ভাল খবৰ।

অলিম্পিকত মল্লযুদ্ধ বজৰং পুনীয়াই লাভ কৰিলে ব্ৰঞ্জৰ পদক।

পুৰুষৰ ৬৫ কেজিৰ ফ্ৰী ষ্টাইল শাখাত কাজাখস্তানৰ ডাউলেট নিয়াজাবেকভক পৰাস্ত কৰে পুনিয়াই।

কাজাখাস্তানৰ প্ৰতিপক্ষৰ বিৰুদ্ধে ৮-০ ব্যৱধানত বিজয় সাব্যস্ত কৰিলে পুনিয়াই।

পুনিয়াৰ পদকৰ সহায়ত ভাৰতে চলিত অলিম্পিকত ষষ্ঠমটো পদক অৰ্জন কৰে।

উল্লেখ্য যে, ২০১২ চনৰ লণ্ডন অলিম্পিকত ৬ টা পদক অৰ্জন কৰিছিল ভাৰতে। সেয়াই আছিল অলিম্পিক ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন।

যদিহে এইবাৰ ভাৰতে জেভলিন থ্ৰ’ত নীৰজ চোপ্ৰাৰ জৰিয়তে আৰু এটা পদক লাভ কৰে তেন্তে টকিঅ’ অলিম্পিক ভাৰতৰ বাবে স্মৰণীয় হৈ ৰ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *