অসম

ৰে’লৰ শৌচাগাৰৰ ভিতৰৰ লুকুৱাই অনা অৱস্থাত জব্দ কোটি কোটি টকা মূল্যৰ গাঞ্জা, ৪জনক গ্ৰেপ্তাৰ

ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান।

সোমবাৰে পুৱতিনিশা ৰহাৰ চাপৰমুখ ৰে’ল জংচনত নগাঁও আৰু ৰহা আৰক্ষীয়ে অভিযান চলায় উদ্ধাৰ কৰে বৃহৎ পৰিমানৰ গাঞ্জা।

আৰক্ষীৰ অভিযান জব্দ হয় ১ কুইণ্টল ১২ কেজি গাঞ্জা।

আগৰতলা-মধ্যপ্ৰদেশ হাবিবগঞ্জ ৰাণী কমলাপতি এক্সপ্ৰেছত অভিযান চলাই জব্দ কৰে প্ৰায় তিনি-চাৰি কোটি টকাৰ মূল্যৰ অবৈধ গাঞ্জা।

জানিব পৰা মতে ত্ৰিপুৰাৰ পৰা কেইবাটাও মাফিয়াই ৰাণী কমলাপতি এক্সপ্ৰেছেৰে বৃহৎ পৰিমাণৰ গাঞ্জাখিনি আনি আছিল। কিন্তু হোজাইত আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই উক্ত ৰে’লখনৰ পৰা বহু সংখ্যক গাঞ্জা পেকেটসহ চাৰিটা গাঞ্জা মাফিয়াক আটক কৰে।

পিছত গাঞ্জা মাফিয়াকেইটাৰ স্বীকাৰোক্তিৰ ভিত্তিত একেখন ৰে’লতে নগাঁও আৰু ৰহা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি।

উল্লেখযোগ্য যে মাফিয়াই গাঞ্জাখিনি এটা ডবাৰ শৌচাগাৰৰ ভিতৰৰ  বক্সত লুকুৱাই আনিছিল।

পিচত আৰক্ষীয়ে কাটাৰ মেচিন, হাতুৰী আদিৰে বক্স ভাঙি গাঞ্জাখিনি বাহিৰ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *