অসম

জোৰ কৰি ভাষা জাপি দিলে পৰিণাম ভয়ংকৰ হ’বঃ দীপাংক কুমাৰ নাথ…

এতিয়াৰে পৰা উত্তৰ-পূবত বাধ্যতামূলক হ’ব হিন্দী শিক্ষা।

দশম শ্ৰেণীলৈ চিবিএছইৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে পঢ়িব লাগিব হিন্দী।

অসমকে ধৰি উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যত হিন্দী শিক্ষা হ’ব বাধ্যতামূলক।

শুক্ৰবাৰে উত্তৰ-পূবৰ হিন্দী শিক্ষা সন্দৰ্ভত এই মন্তব্য কৰে অমিত শ্বাহে।

কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ পিছতে ৰাজ্যত জাঙুৰ খাই উঠিছে জাতীয় দল-সংগঠন।

সদৌ অসম ছাত্ৰ সন্থাৰ লগতে এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্ন দল সংগঠনে।

সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক নাথে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চৰকাৰক সকীয়নি প্ৰদান কৰিছে।

তেওঁ কয়- জোৰ কৰি ভাষা জাপি দিলে পৰিণাম ভয়ংকৰ হ’ব। ইয়াৰ বিৰুদ্ধে কৰা হ’ব তীব্ৰ প্ৰতিবাদ। সপ্তম শ্ৰেণীলৈ হিন্দী ভাষা আছেই।

অসমীয়া ভাষাক গ্ৰাস কৰিবলৈ চৰকাৰে লোৱা এনে সিদ্ধান্ত কোনো পধ্যেই মানি লোৱা নহ’ব বুলি স্পষ্ট কৰি দিয়ে সভাপতিগৰাকীয়ে।

ইপিনে AJYCPৰ নেতা পলাশ চাংমাইয়েও এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

চৰকাৰৰ সিদ্ধান্তক বিৰোধীতা কৰি তেওঁ কয়- জোৰকৈ ভাষা এটা জাপি দিয়াতো উচিত নহয়, চৰকাৰৰ এক দেশ এক ভাষা এক ৰাষ্ট্ৰৰ যি নীতি আছে সেই নীতি অসম বা উত্তৰ পূৰ্বাঞ্চলৰ দৰে জনজাতীয় প্ৰধান অঞ্চল বোৰত প্ৰযোজ্য কৰাটো উচিত নহয়।

উল্লেখ্য যে, চৰকাৰী ভাষা সম্পৰ্কীয় পাৰ্লিয়ামেণ্টেৰী কমিটীৰ বৈঠকত উত্তৰ-পূবত হিন্দী ভাষা বাধ্যতামূলক কৰা হ’ব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *