অনলাইন ক্লাছৰ নামত অবাধ বেহা! আৰক্ষীৰ অভিযানত বাহনৰ পৰা জব্দ কোটি কোটি টকা নগদ ধনৰ লগতে সোণ-হীৰাৰ অলংকাৰ…

নিউজ ডেস্কঃ পশ্চিমবংগৰ হাওৰাত এখন বাহনৰ ভিতৰত উদ্ধাৰ হ’ল কেইবা কোটি নগদ ধনৰ লগতে সোণ আৰু হীৰাৰ মূল্যবান গহনা।

দেওবাৰে পুৱা হেয়াৰ ষ্ট্ৰীট আৰু শিৱপুৰ আৰক্ষী থানাৰ যৌথ অভিযানত জব্দ হয় এই বৃহৎ পৰিমাণৰ নগদ ধন আৰু আ-অলংকাৰ।

আৰক্ষীৰ সূত্ৰ অনুসৰি, ১১ অক্টোবৰৰ পৰা আৰম্ভ হৈছিল সমগ্ৰ ঘটনা।

চৰকাৰী বেংকৰ নৰেন্দ্ৰপুৰ শাখাই একাধিক বেংক একাউণ্টৰ পৰা বেংকটোৰ দুটা বেংক একাউণ্টত কমেও ২০ কোটি টকা জমা হোৱাৰ বিষয়ে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে।

ইয়াৰ পিছতে কলকাতা আৰক্ষীৰ বিত্তীয় অপৰাধ শাখাই তদন্ত আৰম্ভ কৰে। দেখা যায় যে বেংকৰ শাখাত দুটা কোম্পানীৰ নামত একাউণ্ট খুলিছে। তাত বহুত নগদ ধন জমা হৈ আছে।

money money
অনলাইন ক্লাছৰ নামত অবাধ বেহা! আৰক্ষীৰ অভিযানত বাহনৰ পৰা জব্দ কোটি কোটি টকা নগদ ধনৰ লগতে সোণ-হীৰাৰ অলংকাৰ… 2

একাউণ্ট মালিকসকলৰ লগত কথা পাতি গম পোৱা গ’ল যে অনলাইন পাঠ্যক্ৰমৰ নামত টকা জমা কৰা হৈছে। আৰু এই চক্ৰৰ আঁৰত আছে শৈলেশ পাণ্ডে।

খবৰ অনুসৰি তেওঁ শিৱপুৰৰ এটা বিলাসী বাসগৃহত থাকে। সেই সূত্ৰৰ ভিত্তিত আজি পুৱা কলকাতা আৰু হাওৰা আৰক্ষীয়ে শিৱপুৰৰ ঘৰত অভিযান চলায়।

কিন্তু আৰক্ষীৰ অভিযানৰ সময়ত শৈলেশ পাণ্ডেৰ ঘৰত কোনো নাছিল।

তেওঁৰ বাসগৃহৰ সন্মুখত ৰখাই থকা বাহনখনত আৰক্ষীয়ে তালাচী চলোৱাত উদ্ধাৰ হয় ২ কোটি টকা নগদ ধনৰ লগতে সোণ, ৰূপ আৰু হীৰাৰ বহু মূল্যবান গহনা।

কিন্তু এই নগদ ধন আৰু গহনা ক’লৈ লৈ যোৱা হৈছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। শৈলেশৰ আয়ৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।