নিৰীহৰ ওপৰত অত্যাচাৰ চলোৱা মৰাণ থানাৰ পূৰ্বৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় দৈমাৰীক নিলম্বন…

মৰাণ থানাৰ পূৰ্বৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় দৈমাৰীক নিলম্বন

নিলম্বিত হ’ল উপ-পৰিদৰ্শক ভৱেন দত্তও।

থানাৰ ভিতৰত ১০ জনকৈ যুৱকক প্ৰহাৰৰ অভিযোগত নিলম্বন।

গোচৰ ৰুজু নকৰাকৈয়ে চলাইছিল বৰ্বৰ অত্যাচাৰ।

পত্নীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত এটা যুৱকৰ দলক গুৰুলা-গুৰুলকৈ প্ৰহাৰ OC বিজয় দৈমাৰীয়ে।

কিছুদিন পূৰ্বে অৰুণাচলৰ জিৰ’ ফেষ্টিভেলৰ পৰা উভতি অহা সময়ত যুৱককেইজনে মৰাণৰ পেচিফিকা ইন নামৰ হোটেলখনত গ্ৰহণ কৰিছিল নৈশ আহাৰ। নিশা উক্ত হোটেলখনত পত্নীসহ আহাৰ গ্ৰহণৰ বাবে গৈছিল আৰক্ষী বিষয়াজন।

সেই সময়তে সহধৰ্মিনীক অপদস্থ কৰাৰ অভিযোগ তুলি নিশাই থানালৈ লৈ অনা হয় যুৱককেইজনক।

অভিযোগ অনুসৰি, পুৱতি নিশা ৩ বজাত ঘৰৰ পৰা উঠাই আনিছিল পাৰ্থজ্যোতি মেছ, সীমান্ত দেউৰীক আৰু দুয়োকে অজ্ঞাত স্থানত গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে। তাৰ পাছত বিভিন্ন স্থানৰ পৰা আটক কৰা হয় আন ৮ সদস্যক।

সদস্যকেইজন ক্ৰমে জ্ঞানদ্বীপ বৰগোঁহাই, নিতুল দত্ত, অমূল্য ৰাজবংশী। হেমন্ত বড়া, সুৰুজ গগৈ, উজ্জ্বল বৰুৱা, অছিফুদ্দিন লহকৰ, কেভিন কৱটছুক।

লকআপৰ ভিতৰত আটাইকেইজনক উলংগ কৰি বন্দুকৰ গাডীৰে প্ৰহাৰ কৰাৰ অভিযোগ আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে।

ইয়াৰ পিছতে ডিমৌ আৰক্ষী থানা আৰু মৰাণহাট আৰক্ষী থানাত নিৰ্যাতনৰ বলি হোৱা দলটোৱে এজাহাৰ দাখিল কৰিছিল।