
সদগুৰুৰ বিৰুদ্ধে বন্যপ্ৰাণী সংস্থাৰ এজাহাৰ, এইবাৰ মঞ্চত প্ৰদৰ্শন কৰিলে দুষ্প্ৰাপ্য সাপ…
নিউজ ডেস্কঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে নৈশ জীপ চাফাৰি কৰি বিতৰ্কৰ আওতাত সোমাই পৰা ঈশা ফাউণ্ডেশ্যনৰ সদগুৰু জগী বাসুদেৱক লৈ পুনৰ এবাৰ সৃষ্টি হৈছে বিতৰ্কৰ।
৯ অক্টোবৰত কৰ্ণাটকৰ চিক্কাবল্লপুৰত এক অনুষ্ঠানৰ সময়মত সাপ প্ৰদৰ্শন কৰাৰ অভিযোগত ইতিমধ্যে সদগুৰুৰ বিৰুদ্ধে দাখিল কৰা হৈছে এখন এজাহাৰ।
এই কথা সদৰী কৰিছে কৰ্ণটকাৰ বন বিভাগে।

বাতৰি অনুসৰি, জগী বাসুদেৱৰ বিৰুদ্ধে ছ’চাইটি ফৰ দ্য প্ৰিভেনশ্যন অৱ ক্ৰুয়েল্টি টু এনিমেলছ নামৰ এটা প্ৰকৃতি প্ৰেমী সংগঠনে বন সংৰক্ষকৰ উপ-সংৰক্ষকৰ ওচৰত দাখিল কৰিছে এজাহাৰ।
এজাহাৰত সংস্থাটোৱে অভিযোগ কৰিছে যে বাসুদেৱে বন্যপ্ৰাণী সুৰক্ষা আইনৰ বিধি উলংঘা কৰি এডাল সাপ অবৈধভাৱে বন্দী কৰি প্ৰদৰ্শন কৰিছিল। আইনৰ অনুসূচী-২ৰ অধীনত সাপডালক সুৰক্ষিত কৰা হৈছে।

অভিযোগ অনুসৰি, চিক্কাবল্লপুৰত অনুষ্ঠিত এক অনুষ্ঠানৰ প্ৰচাৰৰ বাবে সৰীসৃপটোক ভিৰৰ সন্মুখত জ্বলি থকা পোহৰৰ তলত প্ৰদৰ্শন কৰা হৈছিল বুলি অভিযোগ উঠিছে।
সাপটো ক’ৰ পৰা আহৰণ কৰা হৈছে সেই বিষয়ে জানিব পৰা হোৱা নাই আৰু সৰীসৃপটো এতিয়াও বন বিভাগক গতাই দিয়া হোৱা নাই বুলি এজাহাৰত প্ৰকাশ কৰিছে প্ৰকৃতিপ্ৰেমী সংস্থাটোৰ চি এন পৃথ্বী ৰাজে।





