অথলে গ’ল অভিনেতা-প্ৰযোজকৰ আহ্বান! মুক্তিৰ পূৰ্বেই অনলাইনত লিক শ্বাহৰুখ খানৰ ‘পাঠান’…

নিউজ ডেস্কঃ মুক্তিৰ এদিন পূৰ্বেই অনলাইনত লিক হ’ল শ্বাহৰুখ খান অভিনীত ‘পাঠান’।

তামিলৰকাৰ্ছ, ফিল্মিজিল্লা, ফিল্মিফ’ৰৱেপ আদি কেইবাটাও অনলাইন ৱেবচাইটত মুক্তিৰ এদিন পূৰ্বেই ছবিখন লিক হোৱাৰ অভিযোগ উত্থাপন হৈছে।

উল্লেখ্য যে, আজি অৰ্থাৎ ২৫ জানুৱাৰীত সমগ্ৰ দেশৰ ছবিগৃহত মুক্তি পাইছে সিদ্ধাৰ্ধ আনন্দ পৰিচালিত ছবি পাঠান।

পাঠানৰ প্ৰডাকশ্যন হাউচ যশ ৰাজ ফিল্মছে চলিত সপ্তাহৰ আৰম্ভণিতে ছ’চিয়েল মিডিয়াত পাইৰেচি বিৰোধী আবেদন জনাইছিল।

ছবিখনৰ অভিনেতা শ্বাহৰুখ খান, দিপীকা পাডুকনৰ লগতে কেটৰিণা কাইফ, বমান ইৰাণীৰ দৰে অভিনেতাইও ছবিখন ছবিগৃহত গৈ চাবলৈ দৰ্শকক আহ্বান জনাইছিল।

কিন্তু তাৰ পিছতো ছবিখন অনলাইনত এনেদৰে লিক হোৱাত অসন্তুষ্ট হৈ পৰিছে পাঠানৰ সৈতে জড়িত সকলো কলা-কুশলী।

উল্লেখ্য যে, শেহতীয়াকৈ কেইবাখনো ফ্লপ চিনেমাৰ পিছত পাঠানক লৈ যথেষ্ট আশাবাদী হৈ আছে অভিনেতা শ্বাহৰুখ খান।

ছবিখনৰ মুক্তিৰ পূৰ্বে ধৰ্মীয় বিতৰ্কৰ সূত্ৰপাত ঘটিলেও টিকট বিক্ৰীৰ অভিলেখ গঢ়ি পাঠান হিট হোৱাৰ ইংগিত দিছে দৰ্শকে।

ডাঙৰ পৰ্দাত শ্বাহৰুখ খানৰ উভতনি যাত্ৰাক লৈ অতি আশাবাদী হৈ আছে তেওঁৰ অনুৰাগীসকলো।

যাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত ‘পাঠান’ক এক উৎসৱ হিচাপে লৈ উদযাপন কৰা দেখা গৈছে শ্বাহৰুখ-দিপীকাৰ অনুৰাগীক।