নিউজ ডেস্কঃ এগৰাকী মহিলা ৰে’ল আৰক্ষীৰ বাবেই প্ৰাণ ৰক্ষা পৰিল চলন্ত ৰে’লত উঠিবলৈ গৈ পিচলি পৰা এজন ব্যক্তিৰ জীৱন।
সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হৈ পৰিছে এই ঘটনাৰ এটা ভিডিঅ’।
ঘটনাটো মধ্যপ্ৰদেশৰ ৰটলাম জিলাৰ বুলি জানিব পৰা গৈছে।
দীনেশ কুমাৰ এজন ব্যক্তিয়ে টুইটাৰত শ্বেয়াৰ কৰা এই ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছে এজন ব্যক্তিয়ে এখন হাতত বেগ লৈ প্লেটফৰ্মত চলন্ত ৰে’লখনত উঠিবলৈ চেষ্টা কৰিছে।
কিন্তু এখন হাতৰ সহায়ত তেওঁ ৰে’লত উঠিবলৈ চেষ্টা কৰোতেই সন্তুলন হেৰুৱাই ৰে’ল আৰু প্লেটফৰ্মৰ মাজৰ ফাঁকত সোমাই পৰে।
কিন্তু সেই সময়ত প্লেটফৰ্মত ৰৈ থকা মহিলা ৰে’ল আৰক্ষী গৰাকীয়ে অলপো পলম নকৰি তৎপৰতাৰে লোকজনক বাহিৰলৈ উলিয়াই আনিবলৈ সক্ষম হয়।
এই শিহৰণকাৰী ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পিছতে মহিলা ৰে’ল আৰক্ষীগৰাকীক প্ৰশংসাৰে উপচাই পেলাইছে নেট ব্যৱহাৰকাৰীয়ে।
मध्य प्रदेश के रतलाम जिले में एक महिला आरक्षक ने रेलवे स्टेशन पर बड़ी फुर्ती से एक यात्री की जान बचा ली। इस पूरी घटना का वीडियो वायरल हो रहा है। यह यात्री चलती ट्रेन के नीचे आने वाला था लेकिन महिला आरक्षक ने हाथ पकड़कर उसे बाहर खींच लिया।https://t.co/9qkBx39eXk pic.twitter.com/oD0fjHffNP
— Dinesh Kumar (@DineshKumarLive) January 24, 2023









