নিউজ ডেস্কঃ ‘পাঠান’ৰ মুক্তিৰ দিনটোতে এইবাৰ প্ৰতিক্ৰিয়া বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ।
পাঠান আৰু শ্বাহৰুখ খানক সমালোচনা কৰি মন্তব্য বিজেপি বিধায়কগৰাকীৰ।
পাঠান মানেই মোগল বুলি অভিহিত কৰি যিসকল লোকৰ এনআৰচিত নাম নাই তেওঁলোকেহে পাঠান চিনেমাখন চাব বুলি মন্তব্য কৰে ৰূপজ্যোতি কুৰ্মীয়ে।
শ্বাহৰুখ খান এতিয়া আউটডেটেড হৈ পৰিছে বুলি মন্তব্য ৰূপজ্যোতি কুৰ্মীৰ।
তেওঁ কোনোপধ্যেই পাঠান নাচায় বুলি মন্তব্য কৰি কয় যে শ্বাহৰুখ খানে তেওঁক ফোন কৰিলেও তেওঁ পাঠান চাবলৈ নাযায়।
অসমৰ ছবিগৃহত কেইদিনমানহে পাঠান চলিব বুলি মন্তব্য কুৰ্মীৰ।
ডক্তৰ বেজবৰুৱা ২ৰ মুক্তিৰ পিছতে অসমত পাঠান বন্ধ হ’ব বুলি মন্তব্য বিধায়কগৰাকীৰ।
সমষ্টিবাসীৰ অনুমতি লৈ হ’লেও তেওঁ ডক্তৰ বেজবৰুৱা ২ খন চাব বুলি সাংবাদিকৰ সন্মুখত মন্তব্য মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ।









