অসমীয়াঅসম

অচিনাক্ত বাহনে মহতিয়াই নিলে বাইক, অকাল মৃত্যুক সাৱটিলে সুদক্ষ সাঁতোৰবিদ জয়প্ৰকাশ বৰাই

নিউজ ডেস্কঃ যোৰহাটত সাঁতোৰৰ প্ৰচাৰ আৰু প্ৰসাৰত অগ্ৰণী ভূমিকা পালন কৰি অহা বিশিষ্ট সাঁতোৰবিদ তথা যোৰহাট ছুইমিং ছ’চাইটিৰ নিয়মীয়া প্ৰশিক্ষক জয়প্ৰকাশ বৰা (৩৬) আৰু নাই!

দেওবাৰে নিশা যোৰহাট ছুইমিং পুলত প্ৰশিক্ষণ সমাপ্ত কৰি ঘৰলৈ উভতাৰ পথতে অচিনাক্ত তীব্ৰবেগী বাহনৰ খুন্দাত প্ৰাণ হেৰুৱায় সাঁতোৰবিদগৰাকীয়ে।

জানিব পৰা মতে, দেওবাৰে সন্ধিয়া প্ৰায় ৮.৩০ বজাত যোৰহাট ছুইমিং পুলত প্ৰশিক্ষণ সম্পন্ন কৰি ওলাই গৈছিল জয়প্ৰকাশ বৰা।

3 4

তাৰ পিছতে তেওঁ এক ধৰ্মীয় অনুষ্ঠানত অংশ লৈ নিশ প্ৰায় ১০.৩০ বজাত বাইকেৰে যোৰহাট চহৰৰ তৰুণৰাম ফুকন পথত থকা ঘৰলৈ গৈ থকা সময়তে এখন তীব্ৰবেগী বাহনে তেওঁক মহতিয়াই নি সেই স্থানৰ পৰা পলায়ন কৰে।

photo1653370243

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত সাঁতোৰবিদ গৰাকীক লগে লগে চিকিৎসালয়লৈ নিয়া হয় যদিও উন্নত চিকিৎসাৰ বাবে পৰৱৰ্তী সময়ত যোৰহাটৰে এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হয় আৰু তাৰেই নিশা প্ৰায় ১২ বজাত শেষ নিশ্বাস ত্যাগ কৰে জয়প্ৰকাশ বৰাই।

বিশিষ্ট সাঁতোৰবিদ গৰাকীৰ এনে অকাল মৃত্যুৰ বাতৰিয়ে শোকস্তব্ধ কৰি তুলিছে যোৰহাটবাসীক। অতি কম বয়সৰ পৰাই সাঁতুৰিবলৈ আৰম্ভ কৰা জয়প্ৰকাশ বৰাই বহু প্ৰতিযোগিতাত অংশ লৈ পুৰস্কৃত হৈছিল।

সাঁতোৰ প্ৰশিক্ষণ সম্পৰ্কীয় ৰাষ্ট্ৰীয় পৰ্যায়ত উচ্চ প্রশিক্ষণ গ্ৰহণ কৰি বিগত প্রায় বাৰ বছৰ ধৰি যোৰহাট ছুইমিং পুলত প্ৰশিক্ষণ দি আহিছিল তেওঁ।

৩৬ বছৰীয়া সাঁতোৰবিদজনে মৃত্যুৰ সময়ত পত্নী আৰু এটি ৫ বছৰীয়া কন্যা সন্তান এৰি থৈ যায়।

Leave a Reply

Your email address will not be published. Required fields are marked *