শােকাৱহ ঘটনা! পুখুৰীত পিচলি পৰি সলিল সমাধি কলেজীয়া ছাত্ৰী কৃষ্ণাক্ষীৰ

নিউজ ডেস্কঃ বান্ধৱীৰ সৈতে ঘৰৰ কাষৰে পথাৰৰ মাজত এটা পুখুৰীত জলকেলি কৰি আছিল কৃষ্ণাক্ষীয়ে।

লগতে শিকি আছিল সাঁতুৰিবও। কিন্তু বাৰিষাৰ ভৰা পুখুৰীয়ে জীৱন কাঢ়ি লৈ গ’ল যুৱতীগৰাকীৰ।

এই শোকাবহ ঘটনা সংঘটিত হৈছে শিৱসাগৰ জিলাৰ বকতা বৰপিয়ালহাবি গাঁৱত।

সোমবাৰে বিয়লি সংঘটিত এই কৰুণ ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰে।

2 6
শােকাৱহ ঘটনা! পুখুৰীত পিচলি পৰি সলিল সমাধি কলেজীয়া ছাত্ৰী কৃষ্ণাক্ষীৰ 4

জানিব পৰা মতে, সোমবাৰে বিয়লি প্ৰায় ৪ বজাত বৰপিয়ালহাবি গাঁৱৰ ধীৰেণ ফুকন আৰু প্ৰবৃতি ফুকনৰ কনিষ্ঠ কন্যা তথা নাজিৰাৰ স্বৰাজ একাডেমাৰী উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ্থী কৃষ্ণাক্ষী ফুকনে গাঁৱৰে আন দুগৰাকী বান্ধৱীৰ সৈতে গৈছিল পুখুৰীৰ পাৰলৈ।

photo1653370313 2
শােকাৱহ ঘটনা! পুখুৰীত পিচলি পৰি সলিল সমাধি কলেজীয়া ছাত্ৰী কৃষ্ণাক্ষীৰ 5

পুখুৰীত আটাইকেইজনীয়ে অলপ ধেমালি কৰাৰ লগতে সাঁতুৰিবলৈও শিকি আছিল কৃষ্ণাক্ষীয়ে।

কিন্তু ভৰা পুখুৰীটোত হঠাত্ ডুব যায় কৃষ্ণাক্ষী। লগে লগে আন যুৱতী দুগৰাকীয়ে কৃষ্ণাক্ষীক বচাবলৈ চেষ্টা কৰে যদিও ব্যৰ্থ হয়।

পুখুৰীত পৰি যোৱাৰ পিছত যুৱতী কেইগৰাকীয়ে সহায়ৰ বাবে চিঞৰিছিল যদিও সেই সময়ত ওচৰে পাজৰে কোনো নথকাত কৃষ্ণাক্ষীক বচাবলৈ সক্ষম নহ’ল।

283922413 1376161909553371 3667707406385021515 n
শােকাৱহ ঘটনা! পুখুৰীত পিচলি পৰি সলিল সমাধি কলেজীয়া ছাত্ৰী কৃষ্ণাক্ষীৰ 6

পিছত স্থানীয় গাঁওবাসীয়ে পুখুৰীৰ পাৰত উপস্থিত হৈ কৃষ্ণাক্ষীৰ মৃতদেহ উদ্ধাৰ কৰে।

অতি মেধাৱী ছাত্ৰীগৰাকীৰ এনে কৰুণ মৃত্যুৱে সমগ্ৰ অঞ্চলটোত শোকৰ বন্যা নমাইছে। কনিষ্ঠ কন্যাৰ মৃত্যুত শোকত ভাগি পৰিছে কৃষ্ণাক্ষীৰ পিতৃ-মাতৃও।

Leave a Comment