অসম

ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকঃ ক’ত, কিমান গতিবেগত চলাব লাগিব গাড়ী..?

সোমবাৰে অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় কেবিনেট বৈঠক।

বৈঠকত লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। গাড়ী চলোৱাৰ ক্ষেত্ৰতো এইবাৰৰ কেবিনেটে লৈছে বিশেষ সিদ্ধান্ত। 

ৰাষ্ট্ৰীয় ঘাইপথত আপুনি সৰ্বোচ্চ কিমান বেগত চলাব পাৰিব বাহন? বাহন অনুযায়ী কৰা হৈছে নিৰ্ধাৰণ।

ফৰলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথত ৭-৮ জন আসন যক্ত গাড়ীৰ সৰ্বোচ্চ গতিবেগ প্ৰতিঘণ্টাত ১০০ কিলোমিটাৰ।

ৰাজ্যিক ঘাইপথত এনেধৰণৰ গাড়ীৰ সৰ্বোচ্চ গতিবেগ হ’ব ৭০ কিলোমিটাৰ। সেইদৰে পৌৰ নিগম অঞ্চলত এনেধৰণৰ গাড়ীৰ সৰ্বোচ্চ গতিবেগ ৬০ কিলোমিটাৰ নিৰ্ধাৰণ কৰা হৈছে।

image 66

ৰাষ্ট্ৰীয় ঘাইপথত যাত্ৰী কঢ়িওৱা ৮ খন আসন যুক্ত বাহনৰ সৰ্বোচ্চ গতিবেগ ৮০ কিলোমিটাৰ। ৰাজ্যিক পথত তেনেধৰণৰ বাহনৰ সৰ্বোচ্চ গতিবেগ ৭০ কিলোমিটাৰ। সেইদৰে পৌৰ এলেকাত সৰ্বোচ্চ গতিবেগ হ’ব ৬০ কিলোমিটাৰ।

৯ জন বা তাতকৈ অধিক যাত্ৰী কঢ়িওৱা বাহনৰ ৰাষ্ট্ৰীয় ঘাইপথত সৰ্বোচ্চ গতিবেগ হ’ব ৮০ কিলোমিটাৰ। ৰাজ্যিক বা আন পথত ৭০ কিলোমিটাৰ নিৰ্ধাৰণ কৰা হৈছে। আনহাতে পৌৰএলেকাত এনেবাহনৰ সৰ্বোচ্চ গতিবেগ হ’ব ৬০ কিলোমিটাৰ।

সামগ্ৰী কঢ়িয়াই নিয়া বাহনৰ বাবে ৰাষ্ট্ৰীয় গাইপথত সৰ্বোচ্চ গতিবেগ হ’ব ৭০ কিলোমিটাৰ। ৰাজ্যিক বা আন পথত এনেবাহনৰ গতিবেগ হ’ব লাগিব সৰ্বোচ্চ ৬০ কিলোমিটাৰ। আনহাতে পৌৰ এলেকাত এইবাহনৰ গতিবেগ সৰ্বোচ্চ ৪০ কিলোমিটাৰ।

দুচকীয়া বাহনৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় ঘাইপথত সৰ্বোচ্চ গতিবেগ হ’ব ৮০ কিলোমিটাৰ। ৰাজ্যিক ঘাইপথত এই গতিবেগ সৰ্বোচ্চ ৬০ কিলোমিটাৰ নিৰ্ধাৰণ কৰা হৈছে। পৌৰনিগম অঞ্চলত সৰ্বোচ্চ গতিবেগ ৫০ কিলোমিটাৰ।

তিনিচকীয়া বাহনৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় ঘাইপথত সৰ্বোচ্চ গতিবেগ ৫০ কিলোমিটাৰ, ৰাজ্যিক ঘাইপথত এনেধৰণৰ বাহনৰ সৰ্বোচ্চ গতিবেগ হ’ব ৫০ কিলোমিটাৰ। আনহাতে পৌৰ এলেকাত এনে বাহনৰ সৰ্বোচ্চ গতিবেগ ৪০ কিলোমিটাৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *