অসমীয়াৰাষ্ট্ৰীয়

অকলশৰীয়া মহিলাক চুম্বন কৰি পলায়ন লম্পটৰ! ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে কৰা হ’ল গ্ৰেপ্তাৰ…

নিউজ ডেস্কঃ সদৰ হাস্পতালৰ চৌহদত ফোনত কথা পাতি থকা এগৰাকী অকলশৰীয়া মহিলাক চুম্বন কৰি পলায়ন কৰা অভিযুক্তজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।

যোৱা ১৩ মাৰ্চত বিহাৰৰ জামুই সদৰ হাস্পতালত সংঘটিত হৈছিল এই ঘটনা।

হাস্পতালখনৰ এগৰাকী চতুৰ্থ শ্ৰেণীৰ মহিলা কৰ্মচাৰীয়ে চৌহদৰ ভিতৰত অকলশৰে থিয় হৈ ফোনত কথা পাতি থাকোতেই অভিযুক্তজনে আকস্মিকভাৱে আহি মহিলাগৰাকীক জোৰ কৰি চুম্বন কৰিছিল।

image 76

চিচি টিভি কেমেৰাত বন্দী হোৱা এই সমগ্ৰ ঘটনা ভাইৰেল হৈ পৰাৰ পিছতে আৰু মহিলাগৰাকীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰি অৱশেষত সন্ধান উলিয়াবলৈ সক্ষম হয় অভিযুক্তজনক।

ধৃত অভিযুক্তজনক মহম্মদ ইক্ৰাম বুলি জানিব পৰা গৈছে।

ভুক্তভোগী মহিলাগৰাকীয়ে জানিবলৈ দিয়া মতে, তেওঁ ফোনত কথা পাতি থাকোতেই লোকজনে চৌহদৰ দেৱাল পাৰ হৈ আহি তেওঁক চুম্বন কৰে আৰু তাৰ পিছতে পুনৰ দেৱাল পাৰ হৈ পলায়ন কৰে।

হাস্পতাল চৌহদতে এনে দুষ্কাৰ্য সংঘটিত হোৱাৰ ঘটনাই স্বাভাৱিকতে তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে।

লগতে চাওকঃ

৪৫ বছৰীয়া জন্মদিনত মা কামাখ্যাৰ আশীষ বিচাৰি গুৱাহাটীত উপস্থিত মোহময়ী অভিনেত্ৰী ৰাণী মুখাৰ্জী….

rani mukerji
rani mukerji at Kamakhya temple in Guwahati-Assam